হেপাহৰ বিহুটি আহি পালেহি...!

 হেপাহৰ বিহুটি আহি পালেহি...!

বিহু মানে সমন্বয়, বিহু মানে সম্প্ৰীতি, বিহু মানে শান্তিৰ বাৰ্তাবাহক। অসমৰ বাপতি সাহোন মাঘ বিহুটি আমাৰ আনন্দীয়া, বিনন্দীয়া আৰু অসমীয়াৰ প্ৰাণ, এনোৱা বিহুটি এৰিব লাগিলে হেৰাব অসমৰ মান। সময়ৰ সোঁতত আমাৰ এই চেনেহৰ বিহুটি পথাৰৰ পৰা আহিল আধুনিকতাৰ মঞ্চলৈ তথাপি আমি অসমীয়া গৌৰৱাম্বিত আদৰৰ বিহুটিলৈ।

চাওঁতে চাওঁতে মাঘ বিহুটি আহি পালেহি পদূলি মুখত। সেয়ে সকলোৰে মনবোৰ উখল মাখল।  আকৌ কৈছোঁ, বিহু মানে অনাবিল আনন্দ, বিহু মানে সমন্বয়, বিহু মানে সম্প্ৰীতি, বিহু মানে শান্তিৰ বাৰ্তাবাহক। অসমীয়াৰ মান, অসমীয়াৰ স্বাভিমান অসমীয়াৰ প্ৰাণৰো প্ৰাণ মাঘৰ বিহুটিৰ এটা ভাল লগা দিশ হৈছে মেজি বা ভেলাঘৰ। মেজিৰ জুইৰ উত্তাপতেৰে এই হাড়  কপোৱা জাৰত উমাল কৰি তুলে।

উল্লেখ্য যে, পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন ব্যাপী পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল চহকী কৰি ৰাখে। মাঘৰ বিহুটি ভোগালী বিহু ৰূপেও প্ৰচলিত। মাঘমাহৰ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল আদি খাবলৈ থাকে বাবেই এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। অসমীয়াৰ হিয়াৰ আমঠু এই বিহুত সান্দহ, চিৰা, লাডু আখৈ আদি নানা ধৰণৰ পিঠা মানুহৰ ঘৰে ঘৰে উপচি পৰে। আগতেই উল্লেখ কৰা হৈছে যে, মাঘ বিহুৰ মূল আকৰ্ষণ মেজি জ্বলোৱা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়।

প্ৰসংগত যে, অসমীয়াৰ জাতীয় উৎসৱ বিহুৱে বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকক মাজত একতা, মিলাপ্ৰীতিৰ ভাৱ জগাই তোলে। বিহুৰ কামেই হয় সমূহীয়া, যিয়ে মানুহৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰে। তদুপৰি বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহু অসমৰ এনেকুৱা এটা উৎসৱ যাৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰি আহিছে কিন্তু পৰিতাপৰ বিষয়, সাম্প্ৰতিক সময়ত মেজি সজাটো যেন ফেচনলৈ পৰিনত হৈছে। মেজি সজোৱাৰ নামত আই অসমীৰ মানচিত্ৰ, ৰং ঘৰ, কাৰেং ঘৰৰ লগতে অসমৰ বহু আদৰৰ কীৰ্ত্তিচিহ্নৰ প্ৰতিকৃতি মেজি ৰূপত সজাই জ্বলাই দিয়া হয়, এইটো জানো উচিত? আমাৰ আপুৰুগীয়া সম্পদ বোৰ আমি সজাই ৰাখিব লাগে, ফেচন আৰু প্ৰতিযোগিতাৰ নামত জ্বলাই দিয়াটো কদাপি সমীচিন নহয়। শেষত সদৌটিলৈকে ভোগালী বিহুৰ প্ৰীতি আৰু আন্তৰিক ওলগ জনালোঁ। সকলোৰে জীৱন সুখ, শান্তি আৰু উন্নতিৰে ভৰি পৰক। সমাজৰ পৰা অসূয়া-অমঙ্গল তথা সাম্প্ৰদায়িকতাবাদ দূৰ হওঁক এই কামনাৰে—

জুলহাছ আলী আহমেদ

জাগীৰোড, মৰিগাঁও (অসম)

Post a Comment

0 Comments