প্ৰকৃত মুছলমানৰ চৰিত্ৰ
নিজকে মুছলমান আৰু পৱিত্ৰ ক্ৰোৰআনৰ অনুগামী হিচাপে পৰিচয় দি আমি গৌৰৱ অনুভৱ কৰোঁ। আমি মেলে-মিটিঙে, সৰ্বত্ৰে জহাই ফৰোঁ যে আমি মুছলমান, আমাৰ ধৰ্ম শ্ৰেষ্ঠ আৰু হজৰত মহম্মদ (ছঃ) আমাৰ আদৰ্শ। সচাঁ কথা কবলৈ গলে আমি যদি মুছলমান, পৱিত্ৰ ক্বোৰআনৰ অনুগামী আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানৱ হজৰত মহম্মদ (ছঃ)ৰ অনুচৰ হও তেন্তে আমাৰ মাজত অপৰাধ প্ৰৱণতা ইমান বেছি কিয়? অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্য্যকলাপ, ইছলামত নিষিদ্ধ থকা সত্ত্বেও আজি মুছলমান সমাজত তেনে গৰ্হিত, নিন্দনীয়, ঘৃণনীয়, বৰ্ব্বৰ, অমানৱীয় আৰু অধৰ্মী পাপ কাৰ্যবোৰ কিয় সংঘটিত হৈ আছে? অন্যায়, অত্যাচাৰ, ব্যভিচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা, হত্যা, ধর্ষণ, চুই-ডকাইতি, ঠগ-প্ৰৱঞ্চনা, জুৱা, মদ, ভাং ড্ৰাগছ আদি সমাজ বিৰোধী কাৰ্যকলাপে ইছলামৰ ওপৰত প্ৰশ্নবোধক চিহ্ন সৃষ্টি কৰা নাইনে? আচলতে এনেবোৰ কাৰ্যই মুছলমান সমাজক কালিমালিপ্ত কৰাই নহয় ইছলামৰ মান-স্বাভিমান আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ আদৰ্শকো ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হৈছে।
পিছে মুছলমানে জানোঁ এনে কৰিব পাৰে? আচলতে উপৰোল্লেখিত বৈশিষ্ট্যসমূহ যাৰ মাজত বৃদ্ধমান আছে তেওঁ কোনো মতেই মুছলমান হ'ব নোৱাৰে। কাৰণ কোনো মুছলমানেই ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ বিৰোধী কাম-কাজ কৰিব নোৱাৰে। জোনে এনেকুৱা কাম কৰে বা কৰিব প্ৰকৃতপক্ষে তেওঁ নামধাৰী মুছলমান হলেওঁ ইছলামৰ কলংক। প্ৰকৃতাৰ্থত এগৰাকী প্ৰকৃত মুছলমানৰ চৰিত্ৰই হৈছে উদাৰ, নিৰপেক্ষ, শিষ্টাচাৰী, নৈতিকতা পৰায়ণ, অনুশাসিত, সংযমী, ধৈৰ্য্যশীল, সহনশীল, ক্ষমাশীল, পৰোপকাৰী, ত্যাগী, আধ্যাত্মিক আৰু ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি দ্বায়বদ্ধশীল। ইছলামে অনুশাস, শিক্ষা (জ্ঞান), পৰিস্কাৰ-পৰিচন্নতা, মানৱতা, সমন্বয়, শান্তি আৰু ৰাষ্ট্ৰপ্ৰেমৰ ওপৰত গুৰুত্ব দিয়াৰ সমন্তৰালকৈ কাৰোবাৰ আস্থা, বিশ্বাস আৰু ধৰ্মীয় অনুভূতিত আঘাত নিদিবলৈ বাৰণ কৰিছে।
তদুপৰি যিখন দেশত বসবাস কৰা হয় সেইখন দেশৰ সংবিধান, সংস্কৃতি, ৰীতি-নীতি, আচৰণ-বিধি, পৰম্পৰা আদিৰ দ্বাৰা মুছলমান সকল পৰিচালিত হ'বলৈও কোৱা হৈছে। তেনেস্থলত আমি কিমানজন ভাৰতীয় মুছলমানে নিজ ধৰ্মৰ অনুশাসন মানি তাৰ অনুকুলে কাম কৰিছোঁ? ভাৰতৰ অখণ্ডতা, সাৰ্বভৌম আৰু সভ্যতা-সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাতো প্ৰতিগৰাকী ভাৰতীয়ৰেই মৌলিক কৰ্তব্য আৰু দায়িত্ব পিছে সেই পৱিত্ৰ দায়িত্ব আমি পুঙ্খানুপুঙ্খ ভাৱে পালন কৰিবলৈ যত্ন কৰিছোনে? বা নিজকে তাৰ বাবে প্ৰস্তুত কৰিছোনে? এতিয়াওঁ সময় আছে মুছলমান সকলে আত্মসমালোচনা কৰাৰ। একাংশ গোড়া মুছলমান আৰু তথাকথিত অতি ধৰ্মান্ধ লোকৰ চক্ৰবেহুৰ পৰা ওলাই আহিবৰ হ'ল, অন্যথা এদিন পস্তাব লাগিব।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
ম'বাইলঃ ৯৭০৬৬-৬৬১৯২
0 Comments