গোৱালপাৰা জিলাৰ ভিতৰুৱা গ্রাম্য-চৰাঞ্চলত কৰ্মৰত শশ শিশু শ্রমিক।
২৩ অক্টোবৰ: দেশজুৰি ছয় বছৰৰ পৰা চৈধ্য বছৰৰ তলৰ শিশুসকলৰ বাবে চৰকাৰে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিছে আৰু তাৰবাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে। পিচে চৰকাৰৰ এই বাধ্যতামূলক শিক্ষা ব্যৱস্থাটো গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চল তথা চুনাৰী, লক্ষীপুৰ, আমবাৰীৰ দৰে ভিতৰুৱা গ্ৰাম্য-চৰাঞ্চলত কিমান কার্যকৰী হৈছে, তাৰ খবৰ শিক্ষা বিভাগে ৰাখিছেনে? সেয়া এক উত্তৰবিহীন প্রশ্ন হিচাপে থিয় দিছে। ছয় বছৰৰ পৰা চৈধ্য বছৰৰ শিশুৰ বাবে শিক্ষা বাধ্যতামূলক। কিন্তু গোৱালপাৰা জিলাৰ বিভিন্ন ভিতৰুৱা গ্রাম্য আৰু চৰাঞ্চলত ইয়াৰ কোনো চিনচাবেই নাই।
এইখন জিলাৰ লক্ষীপুৰ, চুনাৰী, আৰু আমবাৰীৰ ভিতৰুৱা গ্রাম্য হাট-বজাৰ সমূহত শিশু শ্রমিকক অনবৰত কামত লাগি থকা দেখা যায়। বিভিন্ন চাহৰ দোকানত সহায়ক হিচাপে কাম কৰাৰ লগতে আকৌ কিছুমানে পথৰ কাষৰ পেলনীয়া সামগ্ৰী বুটলি বিক্ৰী কৰা কামত ব্যস্ত হয়। আন একাংশ মিঠাই বিক্রী কৰি পৰিয়ালৰ পোহ-পানৰ দায়িত্ব লৈছে। আন কিছুমান আকৌ ইটাভাটাত কাম কৰি থকা দেখা যায়। ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত একাংশ পিতৃ-মাতৃয়ে পৰিয়ালৰ ভৰণ-ষণ দিব নোৱাৰি শিশুসকলক ধন উপার্জন কৰিবলৈ বাধ্য কৰিছে। স্কুলীয়া শিক্ষা আধাতে এৰি ধন উপার্জনত ব্যস্ত হৈ থকা এনেবোৰ শিশু গোৱালপাৰাৰ বাটে-ঘাটে থাকে। জাবৰ বোটলা, হোটেলত বাচন ধোৱা, আনৰ ঘৰত কাম কৰাৰ বিনিময়ত পইচা পোৱা এই শিশুবোৰৰ ধ্বংস হৈছে ভৱিষ্যৎ। শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ ন্যূনতম সুবিধাৰ পৰা বঞ্চিত এই শিশুবোৰে উদঙাইছে চৰকাৰী উন্নয়নৰ আচল ৰূপ।

0 Comments