গোৱালপাৰা চহৰৰ মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নবাগত আদৰণী সভা সম্পন্ন।
৮ জানুৱাৰী শণিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হয় নৱাগত আদৰণি সভা।
কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত ছাফাই অভিযান আৰু পুৱা ৯ বজাত বৃক্ষৰোপন কৰা হয়।
পুৱা ৯:৩০ বজাত বিদ্যালয় খনৰ পৰিচালন সঞ্চালক নুৰ মহম্মদ আলীয়ে উপস্থিত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত অমিক্ৰনৰ ভয়াবহতা আৰু সজাগতা সম্পৰ্কে আলোচনা কৰে।
পুৱা ১০ বজাৰ পৰা জেষ্ঠ-কনিষ্ঠ ছাত্ৰ ছাত্ৰীৰ মাজত মনোৰঞ্জনমূলক চিনাকি পৰ্ব অনুষ্ঠিত হয়।
বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত আমন্ত্ৰিত অতিথি সকলে শৈক্ষিক পৰিৱেশৰ ওপৰত ভাষণ প্ৰদান কৰে। গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুভাষ বৰ্মন, পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যাপক ছজিম উদ্দিন আহমেদ পটেনচিয়েল কোচিং ইনষ্টিটিউটৰ মূখ্য পৰিচালন সঞ্চালক বিকাশ শিশোডিয়া, বিদ্যালয় খনৰ অধ্যক্ষ অলকেশ দাসৰ লগতে বহু কেইগৰাকী শিক্ষাবিদ উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
গোৱালপাৰা চহৰৰ মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল শৈক্ষিক দিশত কেৱল গোৱালপাৰা জিলা নহয় ৰাজ্যিক পৰ্য্যায়ত চুৰান্ত ফলাফলৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
নৱাগত আদৰণি সভাৰ মুকলি সভাৰ শেষত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিভা বিকাশৰ বাবে মনোৰঞ্জন মূলক নৃত্য গীত পৰিবেশন কৰে।
0 Comments