ৰাভা হাছংৰ কাৰ্যবাহী সদস্য তথা বৰ্ষীয়ান ৰাজনীতিবিদ সুলোচন ৰাভাৰ মৃত্যুত শোক।
চুনাৰী ১১ অক্টোবৰ: বৰ্ষীয়ান ৰাজনীতিবিদ,ৰাভা ৰাজনীতিৰ অন্যতম কাণ্ডাৰী তথা লক্ষীপুৰ থানাৰ অন্তৰ্গত পুখুৰী পাৰা গাঁৱৰ বয়োজষ্ঠ্য নাগৰিক সুলোচন ৰাভা (৭৫) যোৱা কালি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা সুলোচন ৰাভাক যোৱা ৭ অক্টোবৰত গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। উল্লেখ্য যে ১৯৫১ চনত জন্মগ্ৰহণ কৰা ৰাভা দেৱে প্ৰথমে পুখুৰী পাৰা হাই স্কুলত প্ৰধান শিক্ষকৰূপে যোগদান কৰিছিল যদিও পাছলৈ চাকৰি এৰি ৰাজনীতিত ভৰি দিয়ে। তেওঁ ১৯৯৫ চনৰ ১০ মাৰ্চত স্বাক্ষৰিত ঐতিহাসিক ৰাভা-হাছং চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী, প্ৰতিস্থাপক কার্যবাহী সদস্য, ৰাজমিতা জিলা পৰিষদৰ প্রাক্তন সদস্য তথা ৰাভা ৰাজনীতিৰ অন্যতম কাণ্ডাৰী আছিল ।সুলোচন ৰাভা ৰাভা - হাছং দাবী সমিতিৰো প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ লগতে ৰাভা গণ মঞ্চৰো প্ৰতিস্থাপক সাধাৰণ সম্পাদক আছিল। তদুপৰি তেওঁ জয়ৰামকুচি সমবায় সমিতিৰো দুবাৰকৈ সভাপতি আছিল।তেওঁৰ মৃত্যুত লক্ষীপুৰত গভীৰ শোকৰ ছাঁ পৰিছে।
0 Comments