কেতিয়া অৱসান ঘটিব লেতেৰা ৰাজনীতিৰ ?

কেতিয়া অৱসান ঘটিব লেতেৰা ৰাজনীতিৰ ?

নিৰ্বাচনৰ আগমুহূৰ্তত দেশৰ সৰু-বৰ প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলে। সৰ্বসাধাৰণ ৰাইজৰ ভোট আদায়ৰ বাবে নানা ধৰণৰ কৌশল অৱলম্বন কৰে।

সহজ সৰল ভোটাৰক আকৃষ্ট কৰিবলৈ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে। মুঠৰ ওপৰত কোনে কেনেকৈ নিজ দলৰ প্ৰাৰ্থীক জিকাই আনিব পাৰে তাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰে। এইখিনিলৈকে ঠিকেই আছিল কিন্তু যেতিয়া ৰাজনৈতিক দলবোৰৰ ভণ্ডামীৰ সীমা চেৰাই যায় তেতিয়াহে বৰ দুখ লাগে।

ৰাজনৈতিক দলবোৰে যেতিয়া নিৰ্বাচনী প্ৰচাৰ সভাবোৰত নিজৰ প্ৰতিপক্ষক সমালোচনা কৰিবলৈ গৈ অশ্লীল, অমাৰ্জিত আৰু আপত্তিজনক ভাষাৰে গালি-গালাজ কৰে তেতিয়া সেই ৰাজনৈতিক দলবোৰৰ ওপৰৰ পৰা ক্ৰমশঃ আস্থা কমি আহে আৰু প্ৰশ্নৰ অৱতাৰণা হয় যে, এই লেতেৰা ৰাজনীতিৰ অৱশান কেতিয়া? কলে কি হব, সচা কথা কবলৈ গলে আমাৰ একাংশ ৰাজনৈতিক নেতাৰ মতিভ্ৰম ঘটিছে যেন অনুমান হয়, নহলেনো ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিপন্থী মাত কথাৰে সামাজিক পৰিবেশ নষ্ট কুলশিত কৰিব পাৰে নে?

সকলো ৰাজনৈতিক নেতালৈ প্ৰশ্নঃ আপুনি/ আপোনালোকে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ যিটো দলৰ উদ্দেশ্যে অসহনীয়, অশোভনীয় আৰু অগ্ৰহণযোগ্য ভাষাৰে আক্ৰমণ কৰে প্ৰকৃতপক্ষে সেইটো দলৰ নেতা-কৰ্মীসকল অসমৰ অসমীয়া নহয় নেকি? আমি জনাত অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই অসমৰ অসমীয়া।

অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা, এজিপিৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, এআইডিইউএফৰ সভাপতি বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, বিধায়ক আমিনুল ইছলাম, ৰেকিবুদ্দিন আহমেদ আদি সকলোবোৰ নেতাই দেখোন অসমৰ অসমীয়া, তেন্তে কিয় বাৰে বাৰে অসমীয়াই অসমীয়াক অমাৰ্জিত ভাষাৰে গালিগালাজ কৰে? নিৰ্বাচনত যিয়ে নিজিকক কিয়, অন্তত সামাজিকভাৱে মিলি-জুলি থাকক, ইজনে সিজনক আস্হাত লৈ সমিলমিলৰে চলক।

ৰাজহুৱা সভা সমিতিত একেলগে, একেখন মঞ্চত বহি হাহি-ধেমালি কৰক। তেওঁলোকে আমাৰ শান্তিপ্ৰিয় অসমত ঐক্য, সংহতি সম্প্ৰীতি, উন্নতি আৰু শান্তিৰ লগতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক, যাতে গোটেই ভাৰতবাসীয়ে ভাৱিবলৈ বাধ্য হয় যে, অসমত কোনো প্ৰতিপক্ষ বা বিৰোধী দলেই নাই। আচলতে শত্ৰুতা, বৈষম্য আৰু দমন-পীড়ন নীতিৰ দ্বাৰা সমাজৰ একতা, শান্তি তথা প্ৰগতি আনয়ণ কৰা কদাপি সম্ভৱ নহয়, এয়াই বাস্তৱ।—


জুলহাছ আলী আহমেদ, আলোচনী সম্পাদক

সাংবাদিক পৰিষদ, জাগীৰোড, মৰিগাঁও (অসম)

Post a Comment

0 Comments