চুনাৰীৰ ব্ৰহ্মপুত্ৰ নদীত অঘটন।
যোৱা শুক্ৰবাৰে ব্ৰহ্মপুত্ৰত পৰি নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীৰ মৃত দেহ আজি তুলসীবাৰী নদীৰ ঘাটত উদ্ধাৰ।
চুনাৰীৰ বাতৰিঃ ২৬ অক্টোবৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত বলাইখামাৰ গাঁৱৰ আব্দুল হামিদৰ পত্নীয়ে ১১ বছৰীয়া কন্যা উম্মে হানিক লগত লৈ চুনাৰী জয়ভূমত থকা আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। যোৱা শুক্ৰবাৰে দুপৰীয়া প্ৰায় এক বজাত ভাত খাই উম্মে হানিয়ে তেওঁৰ সমনীয়া মোমায়েকৰ কন্যা মুস্তাকিনক লগত লৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ফুৰিবলৈ যায়। নদীৰ পাৰত যন্ত্ৰ চালিত নাও প্ৰত্যক্ষ কৰি দুয়ো নাৱত উঠি কিছু সময় কটায়। কিন্তু ইতিমধ্যে নাওখন পানীৰ সোঁতত ঘাটৰ পৰা প্ৰায় দুই মিটাৰ মান দুৰৈত যোৱাত দুয়োজনেই নাৱৰ পৰা জাপ দিয়াত পানীত পৰি যায়। সেই সময়ত নদীৰ পাৰত থকা কেইজনমান লোকে এই ঘটনা প্ৰত্যক্ষ কৰি দৌৰি গৈ মুস্তাকিনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও উম্মে হানি নিৰুদ্দেশ হৈ পৰে। পিছত চুনাৰী নদী আৰক্ষীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়ো ব্যৰ্থ হয়। আকৌ পিছদিনা পুৱাৰে পৰাই এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আৰু বহু চেষ্টাৰ পিছত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জনা মতে, উম্মে হানি লক্ষীপুৰ ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল। ইপিনে আজি ৰাতিপুৱা ৭ বজাত ব্ৰহ্মপুত্ৰত পৰি নিৰুদ্দেশ হোৱা কিশোৰী গৰাকীৰ মৃত দেহ তুলসীবাৰী নদীৰ ঘাটত ৰাইজে উদ্ধাৰ কৰে। ৰাইজে ঘটনা সন্দৰ্ভত চুনাৰী নদী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত দেহ চুনাৰী নদী থানাত লৈ আহে। উক্ত ঘটনাক কেন্দ্ৰ কৰি চুনাৰী অঞ্চলৰ লগতে লক্ষীপুৰৰ বলাইখামাৰ এক শোকৰ ছাঁ পৰে ।


0 Comments