মানুহে মানুহৰ বাবে-হয়, শ্ৰদ্ধাৰ ভূপেন দাই গানৰ ভাষাৰে কৈ যোৱাৰ দৰে মানুহ মানুহৰ বাবে হোৱা উচিত।

মানুহে মানুহৰ বাবে-হয়, শ্ৰদ্ধাৰ ভূপেন দাই গানৰ ভাষাৰে কৈ যোৱাৰ দৰে মানুহ মানুহৰ বাবে হোৱা উচিত।

মানুহে মানুহৰ বাবে-হয়, শ্ৰদ্ধাৰ ভূপেন দাই গানৰ ভাষাৰে কৈ যোৱাৰ দৰে মানুহ মানুহৰ বাবে হোৱা উচিত। মানুহে মানুহৰ বাবে-হয়, শ্ৰদ্ধাৰ ভূপেন দাই গানৰ ভাষাৰে কৈ যোৱাৰ দৰে মানুহ মানুহৰ বাবে হোৱা উচিত। আজি যিসকলে নৱবৰ্ষক আদৰাৰ নামত অযথা টকা-পইচা খৰচ কৰি মদে-মাংসই, ডিজে বজাই কিৰিলি পাৰি হৰ্ষোল্লাস কৰিছে, আমোদ লৈছে, প্ৰকৃতাৰ্থত তেওঁলোকে অভাৱগ্ৰস্ত, দুখীয়া-নিচলা, ৰুগীয়া, অঘৰী, পদপথৰ বাসিন্দাৰ তথা পিতৃ-মাতৃহিনা অসহায় মানুহক সহায় কৰা উচিত। এনেকুৱা  নিৰুপায় ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়ালে নৱবৰ্ষ উৎযাপনৰ আনন্দতকৈ বহুগুণে দিপ্তী, অনাবিল আনন্দ পোৱা যাব আৰু মনত সৰগীয় সুখানুভূতি অনুভৱ হ'ব।

প্ৰসংগক্ৰমে, এটা বছৰ যাব আন এটা বছৰ আহিব, এই দৰেই চলি থাকিব প্ৰকৃতিৰ নিয়ম। সেই লৈ অনৰ্থক টকা-পইচাৰ অপচয় কৰি আৰু অনৰ্থক হৈ-হাল্লা কৰি আমিবোৰে কিয় পাহৰি যাওঁ যে এটা বছৰ পাৰ হোৱা মানে আমাৰ এক বছৰৰ আয়ু কমি গ'ল আৰু আমিবোৰ ধাপে ধাপে মৃত্যুৰ দিশে অগ্ৰসৰ হৈছোঁ।

পাহৰি গলে নহব যে, মানুহ মাত্ৰেই মৰণশীল। এদিন নহয় এদিন এই পৃথিবীৰ মোহ-মায়া এৰি আমি সকলোৱে যাব লাগিব। তেনেস্থলত পৰকালৰ চিন্তা এৰি থৈ আমিবোৰে কিয় মিছাতে দুদিনীয়া জীৱনক লৈ ব্যস্ত হৈ পৰিছোঁ আৰু কিয়ইবা ধৰ্ম-কৰ্ম একাষৰীয়া কৰি নিজৰ ইচ্ছানুসৰি মনগড়া জীৱন-যাপন অতিবাহিত কৰিবলৈ লৈছোঁ?

এতিয়াওঁ সময় আছে, নিজকে সলনি কৰাৰ। পৰিয়াল-পৰিজনৰ লগতে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ হিত চিন্তা কৰাৰ উপৰিও এই ধৰণৰ নিঃসহায় ব্যক্তিৰ সহায় কৰাৰ। ব্যক্তিগত ভাৱে নহলেওঁ সমাজুৱাভাবে এনে অভাৱী মানুহক সহায় আৰু সহযোগ কৰাৰ। হ'ব পাৰে, আনৰ পৰা সহায়, সহযোগ পালে তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠিব আৰু তেওঁলোকৰ মুখৰ হাঁহিটোৱে ঈশ্বৰক স্তম্ভিত কৰিব। আচলতে এই টোৱেই সমাজৰ নিয়ম হ'ব লাগে আৰু এইটোৱেই সকলো ধৰ্মৰ মূল মন্ত্ৰ হয়।

আজি যদি মানুহৰ পৃথিৱীত আৰ্তজনৰ আৰ্তচিৎকাৰ কাৰো কৰ্ণগোচৰ বা হৃদয়স্পৰ্শ নহয় তেন্তে বুজিব লাগিব যে মানৱতাৰ অপমৃত্যু হৈছে আৰু আমিবোৰ মানুহৰূপী একো একোটা প্ৰতিমূৰ্ত্তিহে।—

জুলহাছ আলী আহমেদ_জাগীৰোড, মৰিগাঁও (অসম)

দূৰভাষঃ ৯৭০৬৬-৬৬১৯২_

Post a Comment

0 Comments