মাঘ বিহুৰ কথাৰে

মাঘ বিহুৰ কথাৰে-

ভোগৰ ভোগজৰা লৈ আকৌ আহি পালেহি অসমীয়াৰ বাপতি সাহোন মাঘৰ বিহুটি। হয়, চাওঁতে চাওঁতে আকৌ আহি পালেহি হেঁপাহৰ ভোগালী বিহুটি। অসমীয়া জাতীয় জীৱনৰ এটি বিশেষ উৎসৱ মাঘৰ বিহু। এই বিহুটিয়ে অসমীয়া সমাজত গ্ৰহণ কৰি আহিছে এক স্বকীয় ভূমিকা। অসমীয়া জাতীয় জীৱনৰ এক এৰাব নোৱৰা উৎসৱ হৈছে ভোগালী বিহু। এই বিহুটিয়ে অসমীয়াৰ পৰম্পৰা, স্বকীয় কৃষ্টিৰ এক নিজস্ব পৰিয় দাঙি ধৰি আহিছে।

অসম, অসমীয়াৰ জাতীয় উৎসৱৰ ভিতৰত ভোগালী বিহু অন্যতম। এক কথাত ক'বলৈ গ'লে অসমৰ ৰঙালী আৰু মাঘৰ বিহু হৈছে সাৰ্বজনীন উৎসৱ। কৃষি নিৰ্ভৰ অসমীয়া মানুহৰ অতিকৈ চেনেহৰ ভোগালী বিহুটিৰ বৈশিষ্ট হৈছে সমন্বয়, সম্প্ৰীতি প্ৰতিষ্ঠা কৰা। আপ্যায়ন পৰায়ণ মাঘৰ বিহুটিক ভোগ আৰু প্ৰাচুৰ্য্যৰ বাবেই ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। এই বিহুৰ আয়োজন বা পৰম্পৰা বহু দিনৰ আগৰেই পৰাই চলি আহিছে।

বিহু বুলি কলে সীমাহীন আনন্দ-উছাহ আৰু এই আনন্দ-উছাহত সকলোৰে মনবোৰ আধ্যাত্মিক, উদাৰ আৰু ফৰকাল হয়। উল্লেখ্য যে, মাঘ বিহুৰ আন এটা অন্যতম আকৰ্ষনৰ কেন্দ্ৰবিন্দু হ'ল, মেজিৰ জুই। হিমচেঁচা জাৰৰ সেই উৰুকাৰ নিশা পৰিয়ালৰ লোকৰ সৈতে এসাঁজ একেলগে খোৱাৰ আমেজেই বেলেগ, যেন মেজিৰ জুইকুৰাও অৱসাদ যোগায়।

শেষত মাঘ বিহুৰ এই পৱিত্ৰ ক্ষণত জাতি, ধর্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে সদৌটিলৈকে ভোগালীৰ অনেক অনেক প্ৰীতি আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মাঘৰ সংক্রান্তি আৰু মেজিৰ জুইকুৰাই যাতে সমাজৰ পৰা সকলো ধৰণৰ অসূয়া, অমঙ্গল তথা অপ্ৰীতি দূৰ কৰি শান্তি, সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰে। তাৰোপৰি চলমান ধৰ্ম, জাত-পাতৰ ভেদভাৱ নাইকিয়া কৰি অসম তথা অসমবাসীৰ একতা, শান্তি আৰু উন্নতিৰ বাবে আশীষ প্ৰদান কৰে।

প্ৰসংগত, শংকৰ-আজানৰ মিলনভূমি তথা বিহুৱানৰ ৰাজ্য অসমত সম্প্রতি অবিশ্বাস, ঘৃণা, বৈষম্যই ছানি ধৰিছে। হিন্দু-মুছলমানৰ মাজত দূৰত্ব বৃদ্ধি পাবলৈ ধৰিছে। গতিকে এনেহেন প্ৰেক্ষাপটত এই বিহুটিৰ কৰণীয় হৈ পৰিছে ৰাজ্যৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাটত প্ৰাচীৰ হৈ থিয় দিয়া পাৰস্পৰিক সন্দে, অবিশ্বাস তথা পৰস্পৰৰ মাজত থকা হিংসা, ঘৃণা, শত্ৰুতা আদি মষিমুৰ কৰা। এয়াই বিহুটিৰ পৰা সাম্প্ৰতিক সময়ৰ কামনা।—

জুলহাছ আলী আহমেদ

জাগীৰোড, মৰিগাঁও (অসম)

ম'বাইলঃ ৯৭০৬৬-৬৬১৯২

Post a Comment

0 Comments