বিশ্বখনিকৰ আজি বিশ্বকৰ্মা পূজা
হিন্দু ধৰ্মৰ অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ উৎসৱ হৈছে বিশ্বকৰ্মা জয়ন্তী। এই বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতবৰ্ষৰ ত্ৰিপুৰা, অসম, পশ্চিম বংগ, বিহাৰ, কৰ্ণাটক, ঝাৰখণ্ড, উৰিষ্যা আদি প্ৰদেশত প্ৰতিবছৰ ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত বৰ উলহমালহেৰে পালন কৰা হয়।
এই পৱিত্ৰ উৎসৱটি বিষেশকৈ কল-কাৰখানা, গেৰেজ আদি উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত শ্ৰী শ্ৰী বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা তথা দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। অন্যান্য বছৰবোৰত যেনেকৈ নিৰ্মাণ-সৃজনৰ দেৱতা তথা দেৱশিল্পৰ আৰাধনা কৰা হৈছিল, চৌদিশে বিশ্বকৰ্মাৰ জয় ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈছিল কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দৃশ্য দেখা গল।
পূৰ্বৰ দৰে এইবাৰ পূজাত দেখা নগল জাকজমকতা তথা আনন্দ উল্লাসৰ পৰিবেশ। কাৰণ কৰুণাহীন কৰোনাই কাঢ়ি নিছে উৎসৰ আনন্দ-উছাহ। কালৰূপী অদৃশ্য কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বকৰ্মা জয়ন্তী অনুষ্টুপীয়া কৈ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰি থোৱা হৈছে। চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা কভিড প্ৰটকল মানি আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পালন কৰা হয় বিশ্বকৰ্মা পূজা৷
উল্লেখ্য যে, হিন্দু শাস্ত্ৰমতে বিশ্ব-ব্ৰহ্মাণ্ড সৃষ্টিৰে পৰা আজিলৈ যিমান সময় (বছৰ) অথবা কাল হ’ল তাকে চাৰিটা ভাগত ভাগ কৰা হৈছে। একোটা ভাগক যুগ বুলি কোৱা হয়। সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। হিন্দু ধৰ্ম মতে বিশ্বকৰ্মাই এই চাৰিওটা যুগতেই সৃষ্টি কৰিছে। শাস্ত্ৰত কোৱা হৈছে বিশ্বকৰ্মাই সত্যযুগত স্বৰ্গলোক সৃষ্টি কৰিছিল, ত্ৰেতা যুগত সোণৰ লঙ্কা সৃষ্টি কৰিছিল, দ্বাপৰ যুগত দ্বাৰকা নগৰ সৃষ্টি কৰিছিল আৰু কলিযুগত হস্তিনাপুৰ তথা ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল।
যিকি নহওঁক, সাম্প্ৰতিক সময়ৰ আহ্বানঃ শ্ৰষ্টাৰ সৰ্বশ্ৰেষ্ঠ জীৱ মানুহৰ উচিত; বিশ্বকৰ্মাৰ সৃষ্টিৰাজিক অন্তকৰণেৰে অনুসৰণ কৰি সমাজত আস্থা-বিশ্বাস, শ্ৰদ্ধা-ভক্তি, প্ৰেম-ভালপোৱা, সমন্বয়-সম্প্ৰীতি তথা সহিষ্ণুতাৰ বাতাবৰণ সৃষ্টি কৰা। মানৱীয় গুণেৰে পৰিপুষ্ট হৈ দেশ তথা দহৰ শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আহোপুৰুষাৰ্থ কৰা।
হিংসা, ঘৃণা, নিন্দা, বিভেদ, বিদ্বেষ, অসহিষ্ণুতা তথা অশান্তিৰে ভৰপূৰ অনৈক্যৰ মাজত ঐক্য থকা ৰাম-ৰহিমৰ বাৰেৰহণীয়া ফুলনি বাগিচা সুদৃশ্য সমাজখনত ঐক্য-শান্তি স্থাপন কৰা। এইসমূহ মহান আৰু পূজনীয় কামসমূহ কৰিলে নিশ্চিতভাৱে উৎসৱ-পৰ্বৰ সমানেই অন্তৰত অফুৰন্ত শান্তি, তৃপ্তি, আনন্দ আৰু স্বৰ্গীয় সুখানুভূতি হ'ব।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
0 Comments