জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত গৰিয়া মৰিয়া দেশীৰ মানৱ শৃংখল কাৰ্যসূচী বৰপেটাত
বৰপেটা, ১৮ ছেপ্টেম্বৰঃ- গৰিয়া মৰিয়া দেশী লোক সকলক জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানৱ শৃংখল কাৰ্যসূচী ৷ বৰপেটাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি গৰিয়া মৰিয়া দেশী সকলে পূৰ্বৰে পৰা বহন কৰি থকা জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবী উত্থাপন কৰে ৷
ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ৰাজ্যৰ গৰিয়া মৰিয়া আৰু দেশী লোকসকলক অসমীয়া মুছলমান বা খিলঞ্জীয়া মুছলমান হিচাপে নামাকৰণ কৰিব বিচৰাৰ বিপৰীতে গৰিয়া মৰিয়া আৰু দেশী হিচাপেহে নামকৰণ কৰাৰ দাবী তোলে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷
"আমাৰ অধিকাৰ, আমাক লাগিবই" শ্লোগানেৰে বৰপেটা চহৰৰ ভি আই পি চ'ক উত্তাল কৰি তোলে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে মুছলমান নহয় গৰিয়া মৰিয়া হিচাপেহে পৰিচয়ৰ দাবী উত্থাপন কৰে।
0 Comments