মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে !
মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ! তাৰে এটা জলন্ত উদাহৰণ দেখা গ'ল মাজুলীত। মানৱ দৰদী এগৰাকী মহান ব্যক্তিয়ে নিজৰ জীৱন আহুতি দি আন বহুৰ প্ৰাণ বচালে ব্ৰক্ষ্মপুত্ৰৰ বুকুৰ পৰা।
মৃত্যুলৈ ভয় নকৰি সৌসিদিনা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱা অনেক লোকৰ প্রাণ বচাবলৈ গৈ নিজৰ জীৱন ত্যাগ কৰি মহানুভৱতাৰ এক অপূৰ্ব নিদৰ্শন দেখুৱাই গ'ল ইন্দ্ৰেশ্বৰ বৰা নামৰ ব্যক্তিগৰাকীয়ে। হয়, মৃত্যু চিৰন্তন সত্য। জীৱ মাত্ৰকেই এদিন মৃত্যুৰ সোৱাদ লবই লাগিব। এই ক্ষণস্থায়ী পৃথিৱীৰ আমি ক্ষন্তেক সময়ৰ আলহীহে মাথোঁ। প্ৰাণবায়ু উৰি যোৱাৰ লগে লগেই আমাৰ মাটিৰ দেহ মাটিৰ লগত বিলীন হৈ যাব।
তাৰ পাছতো কিয় আমিবোৰে এই অস্থায়ী ধৰাৰ বুকুত দপদপাই থাকো? কিয় কৰোঁ মিছাতে গৌৰৱ-আহংকাৰ? কিছু দিনৰ ভোগ-বিলাসিতা তথা পৰিয়াল-পৰিজনৰ মায়াজালত পৰি কিয় পাহৰি যাওঁ মৃত্যু যে অন্তিম সত্য? কাৰ, কেতিয়া, কোন অৱস্থাত মৃত্যু হয় সেয়া কোনেওঁ ক'ব নোৱাৰে। অৱশ্যে কিছুমান মৃত্যুয়ে আমাক ভবাই তুলে আন কিছুমান মৃত্যুয়ে আকৌ মৃত্যুক সুন্দৰ কৰি তোলে। তেনেকুৱা এক জলন্ত উদাহৰণৰ সাক্ষী হৈ ৰ'ল মাজুলীবাসী।
সৌসিদিনা অভিশপ্ত মাজুলী নিমাতীঘাট সংযোগী ফেৰী দূৰ্ঘটনাত বহু লোকৰ অকাল মৃত্যু হ'ল, তাৰ লগতে বিশাল ব্ৰক্ষ্মপুত্ৰত দুৰ্ঘটনাত পতিত যন্ত্ৰচালিত নৌকাৰ পৰা যাত্ৰীসকলক জীৱন্তে উদ্ধাৰ কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে অনেক লোক, তাৰ মাজতে দেৱদূতৰূপী ইন্দ্ৰেশ্বৰ বৰা নামৰ লোক এজনৰ মৃতদেহ উদ্ধাৰ হয় বিশ্বনাথ ঘাটত। হে বীৰাংগনা ইন্দ্ৰেশ্বৰ বৰা তুমি মৰিও জীয়াই থকা। অজয়ে অমৰ হোৱা।
তুমি সমাজৰ আদৰ্শ হোৱা। নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হোৱা। নৌকা ডুবি মৃত্যু হোৱা আন দহজনৰ লগতে তোমাৰ আত্মাইয়ো চিৰাশান্তি লাভ কৰক। মাজুলীৰ এই অনাকাংক্ষিত, অবাঞ্চিত, মৰ্মান্তিক তথা হৃদয়বিদাৰক ফেৰী দুৰ্ঘটনাটোয়ে সৰ্বস্তৰৰ মানুহক মৰ্মাহত, ব্যথিত শোকাহত কৰি তুলিছে।
জাতি-ধর্ম নিৰ্বিশেষে সকলোৱে ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তাৰ লগতে আজিৰ দয়াহীন মানৱ সমাজলৈ মহানুভৱতাৰ বাৰ্তা বিলাই যোৱা ইন্দ্ৰেশ্বৰ বৰালৈ জনোৱা হৈছে শত কোটি চালাম।—
জুলহাছ আলী আহমেদ_
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষ : ৯৭০৬৬-৬৬১৯২
দিনাংক : ১৬/ ০৯/ ২০২১
0 Comments