◾আপুনি যদি ধার্মিক!...
হয়, আপুনি যদি ধার্মিক, ধৰ্মৰ প্ৰতি যদি আপােনাৰ আছে অগাধ বিশ্বাস। আপুনি যদি ঈশ্বৰ, আল্লাহ, ভগৱানক মনেপ্রাণে শ্রদ্ধা-ভক্তি কৰে ৷ আপুনি যদি ঐশ্বৰিক গ্রন্থসমূহক অন্তকৰণেৰে বিশ্বাস কৰে।
আপুনি যদি ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ সকলক মান্যতা প্রদান কৰে তেন্তে (হিন্দু-মুছলমান বুলি কোন কথা নাই) আপুনি মানৱ জাতিক ভাল পাবই লাগিব। মানুহক বিশ্বাসতলৈ ভাতৃ জ্ঞান কৰিবই লাগিব। পাপী-তাপী নির্বিশেষে সকলাে মানুহক মর্যাদা দিবই লাগিব। ষ্টাৰ সৃষ্টি মানুহৰ লগত ভেদাভেদ নাৰাখি সকলােকে সমান চকুৰে চাবই লাগিব।
জাতি-ধর্ম নির্বিশেষে সৰুক স্নেহ আৰু ডাঙৰক সন্মান কৰিবই লাগিব। কোনাে মানুহকে কষ্ট দিব নােৱাৰিব আপুনি। (মনত ৰাখিব লাগিব যে, মানুহক কষ্ট দিয়া মানে ঈশ্বৰক কষ্ট দিয়া আৰু মানুহক ভাল পােৱা মানে ঈশ্বৰক ভাল পােৱা)। অৱশ্যে ধৰ্মৰ পদাংক অনুসৰণ কৰি চলা কোনাে এজন ব্যক্তিয়ে মানুহৰ মনােকষ্ট দিয়াতাে দূৰৰে কথা হিংসা, ঘৃণা তথা নিন্দা কৰিবও নােৱাৰে কিয়নাে ধর্মশাস্ত্ৰত সেয়া নিষেধ কৰি বসুধৈব কুটুম্বকমৰ কথা কৈছে, তেনেস্থলত আপনি কেনেকৈ মানুহক বিনা কাৰণত বেয়া পাব।
হিংসা, ঘৃণা তথা নিন্দা কৰিব? আৰু পৰস্পৰৰ মাজত ভাতৃত্ববােধৰ সম্পর্ক প্রতিষ্ঠাৰ পৰিবৰ্তে বিদ্বেষৰ বিষবাষ্প ছটিয়াব? এনে কৰিলে ধৰ্মৰ বিৰুদ্ধাচৰণ কৰা নহবনে? এটা কথা ঠিক যে, যিয়ে অপৰাধ-অপকর্ম তথা অসামাজিক কার্যকলাপ জড়িত থাকিব নিশ্চিতভাৱে তেওঁৰ শাস্তি পােৱাৰ যােগ্য পিছে সেই শাস্তি দিয়াৰ অধিকাৰ কেৱল দেশৰ প্রচলিত আইনৰ আছে। আইনে নিজৰ মতে অপৰাধীক শাস্তি দিব।
কোনেও আইন হাতত তুলি লােৱা উচিত নহয়৷ এজন বিবেকসম্পন্ন প্রগতিশীল চিন্তাধাৰাৰ ব্যক্তিৰ কাম হৈছে সমাজৰ বিভিন্ন স্তৰৰ লােকৰ মাজত একতা, বিশ্বাস, সমন্বয় আৰু শান্তি প্রতিষ্ঠাৰ হকে আহােপুৰুষাৰ্থ কৰা৷ আৰু ধর্মীয় গুৰু বা পুৰােহিত সকলৰ কাম হৈছে নিস্বার্থভাৱে ধর্ম, সমাজ তথা ৰাষ্ট্র হিতৰ কাৰণে সৰ্বস্তৰৰ মানুহৰ মাজত আধ্যাত্মিকতাৰ সুগন্ধিযুক্ত তথা ৰসাল জ্ঞান বিলাই মানুহক হিংসাকুৰীয়া, বিভেদকামী, শৈৰাচাৰী আৰু ঈর্ষা পৰায়ণ হােৱাৰ পৰা ৰক্ষা কৰা। মানৱীয় মূল্যবােধ আৰু নৈতিকতাৰ শিক্ষা প্রদান কৰাৰ সমান্তৰালকৈ ধর্ম, সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি দ্বায়বদ্ধশীল কৰি তুলিব লাগিব কিন্তু পৰিতাপৰ বিষয়, সাম্প্রতিক সময়ত যি দেখা গৈছে, একাংশই ধৰ্মৰ নামলৈ সমাজত অধর্মী আৰু আসুৰীক বাতাবৰণ সৃষ্টিতহে অধিক মনােযােগ দিছে, যাৰ ফলত আজি পৰস্পৰৰ মাজত দুৰত্ব বৃদ্ধি পাইছে।
পৰস্পৰে পৰম্পৰক বিশ্বাসত লােৱাৰ পৰিবৰ্তে ছাঁটো দেখিব নােৱাৰা হৈছে। সি যিকি নহওঁক, আহক আমি সকলােৱে মিলি এখন সুন্দৰ, সুশৃংখল, শান্তিপূর্ণ, সমৃদ্ধিশালী সম্প্রীতিৰ ভাৰত গঢ়িবলৈ জাত-পাত আৰু ধর্মীয় গােড়ামি পৰিহাৰ কৰোঁ। আমি বিশ্বাস কৰোঁ যে, ধৰ্মৰ মত আৰু পথত চলা মানুহে কেতিয়াও জাতি-ধর্ম সোঁচৰি মানুহক হাৰাশাস্তি কৰিব নােৱাৰে, নােৱাৰে সমাজত বিদ্বেষৰ বিষবাষ্প বিয়পাবলৈ।—
* জুলহাছ আলী আহমেদ
*জাগীৰোড, মৰিগাঁও (অসম)
* দূৰভাষ : ৯৭০৬৬-৬৬১৯২
0 Comments