গভীৰ নিদ্ৰাত আছে নেকি সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগতে বিধায়ক ওৱাজেদ আলী চৌধুৰী
গভীৰ নিদ্ৰাত আছে নেকি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগতে দক্ষিণ শালমাৰা সমষ্টি ৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ আৰু ধুবুৰী জিলাৰ গড়কাপ্তানী বিষয়া।
জমৰ যাতনাত ভুগিব লগা হৈছে পথচাৰীয়ে। চতলাৰপাৰ মাটিফাটা পাৰঘাটৰ পৰা শালকাটা বজাৰ লৈকে যোৱা প্ৰধান মন্ত্ৰী গ্ৰাম্য চৰক জোযনাৰ পথৰ দুৰঅবস্থা কথা কৈছোঁ।
"চকু মুদা কুলিৰ ভাওঁ" ধৰিছে নেকি চাৰিবাৰৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু সংসদ বদৰুদ্দিন আজমলে।
বিজেপি চৰকাৰখনে ৰাস্তাৰ নামত লাখ -লাখ 'কোটি- কোটি টকা আৱণ্টন দি থকা সত্বেও জৰাজীৰ্ণ ৰাস্তা য়েদি যাতায়ত কৰিবলগীয়া হৈছে৷
উল্লেখিত পথেৰে প্ৰতিদিনে হাজাৰ হাজাৰ পথচাৰিয়ে অসমৰ বিভিন্ন ঠাইলৈ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়লৈ যাতায়ত কৰে৷
পথৰ দুৰৱস্থাৰ পিনে লক্ষ্য কৰি স্থানীয় ৰাইজে বহুবাৰ ঠিকাদাৰক জনাইছিল আৰু স্থানীয় বিধায়ক ,সাংসদক ফোন কৰি জনাই বিফল হোৱত স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে ক্ষূব্দ হৈ পৰে৷
অৱশেষত স্থানীয় ৰাইজৰ লগত পথচাৰীয়ে বিভাগিয়ো উৰ্দ্ধতম বিষয়াৰ লগতে বিভাগিয়ো মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ দাবী জনায়৷
0 Comments