জলেশ্বৰত হেৰোইন আৰু তিনি বস্তা নিঁচা জাতীয় দ্ৰব্য সহ ড্ৰাগছ ব্যাৱসায়ী জহিৰুলক আটক: লক্ষীপুৰ আৰক্ষীৰ বৃহৎ সাফল্য :

জলেশ্বৰত হেৰোইন আৰু  তিনি বস্তা নিঁচা জাতীয় দ্ৰব্য সহ ড্ৰাগছ ব্যাৱসায়ী জহিৰুলক আটক: লক্ষীপুৰ আৰক্ষীৰ বৃহৎ সাফল্য :


লক্ষীপুৰ, মতিউৰ ৰহমান- গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতা গাওঁৰ পৰা যোৱা কালি সন্ধিয়া লক্ষীপুৰ থানাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিঁচা জাতীয় দ্ৰব্য সহ কুখ্যাত ড্ৰাগছ ব্যাৱসায়ী জহিৰুল ইচলামক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ মাফিয়া বৰ্তমান জলেশ্বৰ থানাৰ আলহী।

এক গোপন সূত্ৰৰ পমখেদি কালি  উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা,লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক চন্দ্ৰ ৰায়, জলেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মালাকাৰ আৰু এ এচ আই ৰামজী দলে ৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাজমিতা গাওঁৰ আতোৱাৰ ৰহমানৰ পুত্ৰ জহিৰুল ইচলামৰ ঘৰত তালাচী অভিযান চলায়।

এই অভিযানত আৰক্ষীয়ে  পাঁচ লাখ টকাৰ নাইট্ৰচাম টেবলেট, ১৫ শ টা আৰ চেভেন টেবলেট ,  ন' লাখ টকাৰ   জালনোট, কেবা লাখ টকাৰ হেৰো'ইন, কন্টেইনাৰ আদি জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যাৱসায়ৰ লগত জড়িত চক্ৰটোৰ অন্যতম কুখ্যাত  ড্ৰাগছ  ব্যাৱসায়ী জহিৰুল ইচলামক  হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ।

নিঁচা জাতীয় দ্ৰব্যই কিশোৰ কিশোৰীৰ পৰা আৰাম্ভ কৰি ডেকা গাভৰুক অন্ধকাৰ জগতলৈ ঠেলি দিয়াৰ সময়ত হেৰো'ইন আৰু অন্যান্য বহু বিধ নিঁচা জাতীয় দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত আৰক্ষীৰ সাফল্যত সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন মহলে। এই ব্যাৱসায়ৰ লগত জড়িত বৃহত চক্ৰটোৰ আন সদস্য সকলোকে আটক কৰাৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Post a Comment

0 Comments