দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ কাল ৰূপ ৷
উল্লেখ্য যে, ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ প্ৰবল গড়াখহনীয়াৰ কৱলত পৰি দক্ষিণ শালমাৰা সমষ্টিৰ অধিকাংশ ঠাই ব্ৰহ্মপুত্ৰৰ বুকুত বিলিনহৈ গৈছে ৷ গৰাখহনীয়াগ্ৰস্ত লোকসকলে মথাউৰি, নতুন চৰ–চাপৰি, মেঘালয় আৰু বিভিন্ন ৰাজ্যত আশ্ৰয় লৈ আছে ।
যিটো সমষ্টিৰ পৰা জন্ম হৈছিল AIUDF দল আৰু পোন প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল AIUDF প্ৰধান মৌলানা বদৰউদ্দিন আজমল যি সমষ্টিৰ পৰা মন্ত্ৰীত্ব লাভ কৰিছিল কংগ্ৰেছী প্ৰভাৱশালী বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে ৷
কিন্তু বিগত ২০ বছৰ ধৰি AIUDF আৰু কংগ্ৰেছে প্ৰতিনিধিত্ব কৰি অহাৰ পিছতো দক্ষিণ শালমাৰা সমষ্টিটোৰ বিভিন্ন সমস্যা সমাধানত ব্যৰ্থ হোৱাত সমষ্টিটোৰ জনসাধাৰণে জাঙুৰ খাইছে সাংসদ মৌলানা বদৰউদ্দিন আজমল আৰু বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ৷
যোৱা নিৰ্বাচনৰ সময়ত বিজেপি দলৰ এটা শ্লোগানেই বেছিকৈ শুনা গৈছিল- জাতি মাটি ভেটি সুৰক্ষা দিয়া, অসমৰহৈ থকা গড়াখহনীয়া সমস্যাসমূহ বিজ্ঞানসন্মত ভাৱে সমাধান কৰা আদি । কিন্তু কিমান প্ৰতিশ্ৰুতি পালন কৰিছে তাৰে প্ৰতিছবি এয়া ৷ বৰ্তমান গড়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি যে ভয়াবহ হব দৃশ্য দেখিলে অনুমান হব।
0 Comments