লক্ষীপুৰত বিক্ৰি কৰিব নোৱাৰি গো-পালকে পুখুৰীত পেলালে গাখীৰ: বজাৰত নাই গাখীৰৰ চাহিদা :

লক্ষীপুৰত বিক্ৰি কৰিব নোৱাৰি গো-পালকে পুখুৰীত পেলালে গাখীৰ: বজাৰত নাই গাখীৰৰ চাহিদা :


মতিউৰ ৰহমান, লক্ষীপুৰ- গোৱালপাৰা জিলাৰ লক্ষীপুৰত গো-পালকে গাখীৰ বিক্ৰী কৰিব নোৱাৰি উৎপাদিত গাখীৰ পুখুৰীত পেলাই দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লক্ষীপুৰ নগৰৰ নিদানপুৰৰ আব্দুল বাৰেক শ্বেখ নামৰ ব্যাক্তি জনে ছ জনী বৰ্ণ সংকৰ গাই পোহে। ইয়াৰে ৫ জনী গাই গৰুৱে নিতৌ ২০ ৰ পৰা ৩০ লিটাৰ কৈ গাখীৰ দিয়ে। 

দৈনিক প্ৰায় এক কুইণ্টলত কৈও বেছি গাখীৰ দিয়ে গাই কেইজনীয়ে। কিন্তু আব্দুল বাৰেক শ্বেখে গাখীৰ বিক্ৰি কৰাৰ ক্ষেত্ৰত বজাৰ মূল্য নোপোৱাত পুখুৰীত পেলাই দিব লগা হৈছে উৎপাদিত গখীৰ। চৰকাৰৰ নতুন নীতি নিৰ্দেশনা মতে ১২ বজাতে বন্ধ হয় লক্ষীপুৰ নগৰ। ১১ বজাৰ পৰাই ঘৰাঘৰী হয় সাধাৰণ ৰাইজ। ফলত হোটেলৰ স্বত্বাধিকাৰীয়ে গাখীৰ লোৱা বন্ধ কৰি দিয়ে । বজাৰতো বিক্ৰি নহয় গাখীৰ ।

উপায়হীন হৈ গোপালক শ্বেখে কাৰ্ফিও আৰাম্ভ হোৱাৰ পৰা প্ৰতিবেশীক বিনামূলীয়াকৈ যোগান ধৰে গাখীৰ। আৰু কিছু দিনৰ পৰা  উৎপাদিত গাখীৰ বাধ্য হৈ পুখুৰীত পেলাই দি আছে। গো-পালক অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল বাৰেক শ্বেখে দূখ প্ৰকাশ কৰি কয় যে নিতৌ গাই কেইজনীক যিমান টকাৰ পশু খাদ্য খুৱাব লাগে তাৰ তিনি ভাগৰ এভাগ টকাও গাখীৰ বিক্ৰি কৰি নাপায়।

ফলত তেওঁ লোকচানৰ সন্মুখীন হব লগা হৈছে।তেওঁ চৰকাৰক উদ্দেশ্য কৰি গো-পালক সকলক  বিনামূলীয়াকৈ পহু খাদ্য যোগান ধৰাৰ বাবে দাবী জনায়।

Post a Comment

0 Comments