লক্ষীপুৰ শাকতোলাত তাৰৰ খুটাৰ ওপৰৰ পৰা পৰি যোৱা যুৱকৰ চিকিৎসালয়ত মৃত্যু:

লক্ষীপুৰ শাকতোলাত তাৰৰ খুটাৰ ওপৰৰ পৰা পৰি যোৱা যুৱকৰ চিকিৎসালয়ত মৃত্যু:

লক্ষীপুৰ, মতিউৰ ৰহমান- লক্ষীপুৰ থানাৰ অন্তৰ্গত শাকতোলা গাওঁত কালি বিদ্যুত বাহী তাৰৰ খুটাৰ ওপৰৰ পৰা পৰি গুৰুতৰ ভাবে আঘাত পোৱা ৰফিকুল ইচলাম ৰ আজি চিকিৎসালয়ত মৃত্যু হয়।

জনা মতে মাৰকুলা গাওঁৰ ৰফিকুল ইচলাম নামৰ যুৱক এজন বগুৱান চুনাৰীৰ বিদ্যুৎ ফিডাৰৰ সহযোগী শ্ৰমিক হিচাপে কাম কৰিছিল। কালি শাকতোলা গাওঁত ছিগি থকা বিদ্যুৎবাহী তিনি তাৰৰ লাইন সংলগ্ন কৰিবলৈ গৈছিল। আলোচনাৰ মাধ্যমত লক্ষীপুৰ এপিডিচিএলৰ লাইনমেন এগৰাকীয়ে লাইন কাটি দিয়াৰ পিছত ৰফিকুল ইচলামে খুটা বগুৱাই ওপৰত উঠি ছিগা তাৰ জোঁৰা লগাই আছিল।

কিন্তু কোনোবাই ট্ৰেন্সফৰমাৰ কাষত কাটি থৈ দিয়া বিদ্যুতবাহী তাৰ পুনৰ সংযোগ কৰি দিয়ে। ফলত খুটাৰ ওপৰতে বিদ্যুৎপৃষ্ঠ হৈ তলত পৰি যায় আৰু মূৰ ফাটি গুৰুতৰভাবে আহত হয়। ওচৰত থকা ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু অচেতন অৱস্থাত পৰি থকা ৰফিকুল ইচলামক স্থানীয় ৰাইজে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰায়।

পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰফিকুল ইচলামক গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু নিশাঁ চফল যুৱক ৰফিকুল ইচলামৰ অকাল মৃত্যু হয়। উল্লেখযোগ্য যে লক্ষীপুৰ এপিডিচিএলৰ কৰ্মচাৰীৰ চৰম অকৰ্মন্যতাৰ বাবেই এই দূৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

Post a Comment

0 Comments