দক্ষিণ শালমাৰা সমষ্টিৰ শালকাটা-ধেনাৰকুটী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

দক্ষিণ শালমাৰা সমষ্টিৰ শালকাটা-ধেনাৰকুটী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি


ধুবুৰী জিলা গ্ৰাম্য সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত থকা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ শালকাটা-ধেনাৰকুটী পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৮/১৯ বিত্তীয় বৰ্ষৰ ছিগনেছাৰ প্ৰজেক্ট আঁচনিৰ অধীনত শালকাটা-ধেনাৰকুটীত প্ৰায় ৪.৪৭৫ কিলোমিটাৰ দৈৰ্ঘ্য পথচোৱা বাবে ৪,৯৮,২০৮৫৫ টকা আবণ্টন দি কাম আৰম্ভ কৰাৰ দায়িত্ব বিভাগে ঠিকাদাৰ ফয়জাল হকৰ ওপৰত দিয়ে৷ 

কিন্ত ঠিকাদাৰ গৰাকীয়ে নিজৰ ইচ্ছামতেই পথৰ নিৰ্মাণৰ কাৰ্য চলাই যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ চৰকাৰী নিয়ম মতে পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আগতেই পথৰ আঁচনিৰ লগতে বিভাগীয় ঠিকাদাৰ গৰাকীৰ নামৰ ফলক আঁৰি দিব লাগে৷ কিন্ত উক্ত পথত ঠিকাদাৰ গৰাকীয়ে কেৱল ছিগনেছাৰ প্ৰজেক্টৰ উল্লেখ থকা এখন মাথোঁ ফলক আঁৰি দি কাম চলাই থকা দেখা গৈছে৷অভিযোগ মতে পথটো পকী নে কেঁচা হব এইলৈ ঠিকাদাৰে কোনো ফলক আঁৰি দিয়া নাই৷ 

আনহাতে পথৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰ জনে মধ্যভোগীৰ হতুৱাই চলাই যোৱাত নানা ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ অভিযোগ উত্থাপন হোৱ মতে পথটো চি চি ব্লকেৰে নিৰ্মাণ কৰাৰ কথা আছে যদিও পথ নিৰ্মাণত প্ৰয়োজনীয় পানী ব্যৱহাৰ কৰা নাই, অতি নিম্ন মানৰ আৰু মৰা শিল ব্যৱহাৰ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ নদীৰ বালি ব্যৱহাৰ কৰিছে বুলি ৰাইজে অভিযোগ তুলিছে৷চৰকাৰী নিয়ম মতে পথ নিৰ্মাণৰ কামত ৰঙা বালি ব্যৱহাৰ কৰিব লাগে৷ কিন্ত তাকে নকৰি ব্ৰহ্মপুত্ৰৰ বগা বালি ব্যৱহাৰ কৰিছে৷ ফলত অতি নিম্ন মান সামগ্ৰীৰে পথ নিৰ্মাণ হোৱাত অতি কম দিনৰ ভিতৰত পথটো ভাঙি-ছিঙি যাব বুলি আশংকা কৰা হৈছে৷ 

ইফালে কি কাৰণত প্ৰয়োজনীয় নাম ফলকৰ লগেতে ঠিকাদাৰৰ নামফলক আঁৰি দিয়া নাই বুলি ঠিকাদাৰ জনৰ পৰা জানিব বিচৰাত ঠিকাদাৰ গৰাকীয়ে ঠিকাদাৰৰ নাম ফলক পথত আঁৰি দিয়াটো প্ৰয়োজন নহয় বুলি জনায়৷নিয়মমতে পথ নিৰ্মাণকাৰ্য চলাকালীন সময়ত বিভাগীয় কনিষ্ঠ অভিযন্তা বা অভিযন্তা উপস্থিত থাকিব লাগে৷ কিন্ত উক্ত পথ নিৰ্মাণকাৰ্যৰ সময়ত কোনো বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত নথকাৰ অভিযোগ উঠিছে৷যাৰ ফলত ঠিকাদাৰ গৰাকীয়ে নিজৰ ইচ্ছা মতে পথটো নিৰ্মাণ কৰি আছে৷মুঠতে ঠিকাদাৰ গৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰীক ধন-বিত্ত দি হাত কৰি পথৰ নিৰ্মাণ কাৰ্য নিজৰ খেয়াল-খুছি মতে চলাইছে ফলত বিয়াগোম দুৰ্নীতি সংঘটিত হৈছে৷এই ক্ষেত্ৰত ৰাইজে বিভাগটোৰ অভিযন্তাক কেবাবাৰো অভিযোগ দিয়াৰ পিছতো সুফল পোৱা নাই৷ 

গতিকে ৰাইজে নৱ গঠিত বিজেপি চৰকাৰ খনৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় অনতিপলমে এই পথ খনৰ তদন্ত কৰি ঠিকাদাৰৰ লগতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ অসম চৰকাৰৰ লগতে জিলা প্ৰশাসনে এই দুৰ্নীতি পৰায়ণ ঠিকাদাৰ ফয়জাল হকৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকলোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হে হব লক্ষণীয়৷

Post a Comment

0 Comments