লক্ষীপুৰত মূখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশ্লীল মন্তব্য আৰু হত্যাৰ ভাবুকি প্ৰদানকাৰীৰ বিৰুদ্ধে গোচৰ
: আটক অভিযুক্ত মোল্লা ইমৰান :
লক্ষীপুৰ মতিউৰ ৰহমান লক্ষীপুৰ থানাৰ অন্তৰ্গত হাসডোবা গাওৰ আমজাদ হুচেইনৰ পুত্ৰ ইমৰান হুচেইন ওৰফে ইমৰান মোল্লাৰ ভাষ্য এইয়া। সামাজিক মাধ্যমত বিগত কেইদিনৰ পৰা বিভিন্ন ধৰনৰ অশ্লীল মন্তব্য দি ইমৰান হুচেইনে গৰম কৰি তুলিছিল ফেচবুক।
অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ লগতে লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লৈও সামাজিক প্ৰচাৰ মাধ্যমত অশ্লীল মন্তব্য কৰে ইমৰান হুচেইনে। অসমত গো হত্যা বন্ধ কৰিব নোৱাৰে । গৰু জবাইৰ দৰে মুখ্যমন্ত্ৰীক হত্যা কৰিব বুলিও ভাবুকি প্ৰদান কৰে ইমৰানে।
ইমৰান হুচেইনৰ অশ্লীল আৰু হত্যাৰ ভাবুকিত হতভম্ব হৈ পৰে লক্ষীপুৰ অঞ্চলৰ ৰাইজ। অঞ্চলৰ ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক কৰা অপমান সহ্য কৰিব নোৱাৰি লক্ষীপুৰ থানাত অৱগত কৰে।
পিছত গোৱালপাৰা জিলা বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যবাহী সদস্য আবুল হুচেইনে এই সংক্ৰান্তত কালি লক্ষীপুৰ থানাত এটি গোচৰ ৰুজু কৰে। লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক চন্দ্ৰ ৰায়ে গোচৰ টো পঞ্জীয়ন কৰি নিশাই অভিযুক্ত ইমৰান হুচেইনক আটক কৰে।
ইমৰান হুচেইনে ষড়যন্ত্ৰ মূলক ভাবে ইমৰান মোল্লাৰ নামত ফেক আই ডি বনাই এই দৰে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
0 Comments