লক্ষীপুৰ নগৰত খোৱাপানীৰ বাবে হাহাকাৰ : ১৪ বছৰেও সম্পূৰ্ণ হৈ নুঠিল লক্ষীপুৰ নগৰ পানী যোগান আঁচনিৰ কাম: জিলা প্ৰশাসনক তদন্তৰ দাবী:
সম্প্ৰতি ভূত বাংলাত পৰিণত হৈছে টা ভৱন। মূল গৃহ নিৰ্মানৰ প্ৰায় দহ বছৰ পিছত লক্ষীপুৰ মহাবিদ্যালয়ৰ কাষত চৰকাৰে বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰটোৰ টেংকি নিৰ্মানৰ বাবে ধণ আবন্টন দিয়ে। ইয়াত এটা টেংকি নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰ, অভিযন্তা আৰু বিভাগটোৰ উৰ্ধোতন কৰ্তৃপক্ষই। আজি লৈ অৰ্থাত পোন্ধৰ বছৰ পিছতো টেংকিৰ সৈতে সংলগ্ন নহল পানী বহনকাৰী পাইপ। সম্পূৰ্ণ আঁচনিয়েই বিকল হৈ থাকিল। যেন ই এক ফুলৰ থোপাহে।
ইয়াত পানী উঠোৱাৰ বাবে মেচিন,অইন সামগ্ৰী আৰু মাটিৰ তলৰ পাইপ আদিৰ একো ব্যাৱস্থা নকৰিলে। অভিযোগ মতে ঠিকাদাৰ ,অভিযন্তা আৰু বিভাগীয় বিষয়া সকলে সিংহ ভাগ ধণ আত্মসাত কৰাৰ বাবেই এটুপিও বিশুদ্ধ খোৱাপানী পাবলৈ সক্ষম নহল লক্ষীপুৰ বাসী ৰাইজে। পানীৰ হাহাকাৰৰ বাবেই বিভিন্ন বেমাৰত আক্ৰান্ত হব লগা হৈছে ৰাইজ। শীঘ্ৰেই পানী যোগান আঁচনিৰ দূৰ্নীতিৰ তদন্ত কৰি বিহীত ব্যাৱস্থা গ্ৰহণ বাবে চৰকাৰক দাবী জনাইছে লক্ষীপুৰ নগৰ বাসী ৰাইজে।
0 Comments