গোৱালপাৰাৰ চুনাৰী জয়ভূম কামাখ্যাবাৰী হাইস্কুলত অতিৰিক্ত জিলা উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত ।

গোৱালপাৰাৰ চুনাৰী জয়ভূম কামাখ্যাবাৰী হাইস্কুলত অতিৰিক্ত জিলা উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত ।


গোৱালপাৰাৰ চুনাৰী জয়ভূম কামাখ্যাবাৰী হাইস্কুলত অতিৰিক্ত জিলা উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত ।বিদ্যালয় খনৰ দুটাকৈ আছুতীয়া কোঠা উদ্ধোধন।

চুনাৰী জয়ভূম কামাখ্যাবাৰী হাইস্কুলত নৱ নিৰ্মিত স্মাৰ্ট ক্লাছ ৰুম। যত ছাত্ৰ ছাত্ৰী সকলক ভিডিঅ প্ৰজেক্টৰৰ সহায়ত শৈক্ষিক পাঠদান দিয়াৰ লগতে দেশ বিদেশৰ বহু প্ৰয়োজনীয় ভিডিঅ দেখুওৱা হব। 

প্ৰায় ২২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই কোঠালীটো হৈছে বিজ্ঞান আৰু কম্পিউটাৰ গৱেষণাগাৰ। দুয়োটা কোঠা উদ্ধোধন কৰে গোৱালপাৰা জিলা অতিৰিক্ত উপায়ুক্ত জয় শংকৰ শৰ্মা আৰু সহযোগিতা আগবঢ়ায় অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী ।

ভাষণ প্ৰসংগত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে বিজ্ঞানৰ যুগত ছাত্ৰ ছাত্ৰী সকলে ন ন বিষয়ত জ্ঞান আহৰণ কৰিবলৈ হলে ডিজিটেল পদ্ধতিৰ শ্ৰেণী কোঠাৰ শিক্ষা লাভ কৰিব লাগিব। কভিড মহামাৰীৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰাত ছাত্ৰ ছাত্ৰীৰ বহু ক্ষতি হলেও সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ সিদ্ধান্তক আকোৱালি লবই লাগিব। 

 একেদৰে গোৱালপাৰা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে বিদ্যালয়ত স্মাৰ্ট শ্ৰেণীকোঠা আৰু বিজ্ঞান আৰু কম্পিউটাৰ লেবৰেটৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক চুটি মন্তব্য আগবঢ়ায়। লগতে জিলাবাসী কভিড প্ৰটকল মানি চলিব লাগিব আৰু চৰকাৰী নিৰ্দেশনা মানি চলিলেহে এই কভিড মহামাৰীৰ নিচিনা মহামাৰীক প্ৰতিৰোধ কৰিব পৰা যাব। স্মাৰ্ট কোঠাৰ যাবতীয়  সামগ্ৰী অনুদান হিচাপে আগবঢ়ায় মিৰদান ছছিয়েল ৱেলফেয়াৰ চচাইটিৰ পৰিচালন সঞ্চালক ৰহিম জিব্রানে। ৰহিম জিব্রানৰ চমু ভাষণত স্মাৰ্ট শ্ৰেণীকোঠাৰ সামগ্ৰী অনুদানৰ বিশদ বিৱৰণ সকলোকে জানিবলৈ দিয়ে। 

কভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ আয়োজিত সভাত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰিপনজ্যোতি নাথৰ লগতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা বগুৱানৰ সু সন্তান জ্যোতিৰঞ্জন নাথউপস্থিত থাকে ।

Post a Comment

0 Comments