কৰোণা সন্দৰ্ভত অলপ কবলগা -

কৰোণা সন্দৰ্ভত অলপ কবলগা -


আবু তালেব, সাংবাদিক, লক্ষীপুৰ-
        মোৰ ধাৰণা আৰু ছচিয়েল মিডিয়া ত ভাইৰেল হোৱা তথ্যৰ অনুসন্ধান কৰি হোৱা উপলব্ধি খিনি
মতামতৰ বাবে আগবঢ়ালোঁ।-
     কৰোণা গোটেই বিশ্বজুৰি এক বৈশয়িক কাল মহামাৰিৰ ৰূপ পৰিগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
চীনৰ ইয়াহুনৰ পৰাই এই বিজাণু আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু বিশ্বৰ সমূহ দেশতেই বিয়পিছে।
            আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে ইয়াকে লৈ চীনৰ বিৰুদ্ধে সৰব প্ৰতিক্ৰিয়া ও ব্যক্ত কৰিছিল।
আমেৰিকাৰ পিছতেই জাপান আৰু জাৰ্মানীত
সৰ্বাধিক হাৰত কৰোণা ভাইৰাছৰ আক্ৰমণ হ'লেও
আমাৰ ভাৰতৰ অৱস্থাও বহুলভাৱে আক্ৰান্ত হৈছে।
যোৱা ২০২০ চনৰ পৰাই ভাৰতৰ ৰাজ্য ভিত্তিত
কৰোণা মৃত্যুৰ সংখ্যা নিম্ন ধৰনে পোৱা গৈছে-

      যোৱা বছৰত অসমত কৰোণাত মৃত্যু ১১৭২জন,
মধ্য প্ৰদেশত মৃত্যু      ----৬৩২৫২ জন
ইউ পি ত মৃত্যু           ----১০৭৩৭ জন
দিল্লী ত মৃত্যু              ----১৩৫৪১ জন
কৰ্ণাটকৰ মৃত্যু           ----১৪০৭৫ জন
গুজৰাটৰ মৃত্যু           ----  ৬০১৯ জন
অৰুণাচলত মৃত্যু--৫৬ জন। ইত্যাদি।
যোৱা এপ্ৰিল মাহৰ ২৩ তাৰিখলৈকে তথ্য নিম্ন ধৰনে-
মুঠ একটিভ কেচ  ---২৪,২৮,৬১৬ জন
মুঠ আৰোগ্য।      ---১,৩৬,৪৮১৫৯ জন
মুঠ মৃত্যু                   ---১,৮৬,৯২০ জন
মুঠ ছেম্পল টেষ্ট      --২৭,৫৩,৫৬৯ জন

          প্ৰশ্ন হল কৰোণা ভাইৰাছৰ আক্ৰমণে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি এক আতঙ্কগ্ৰস্ততাত ঠেলি দিছে।
প্ৰতিটো দেশৰে অৰ্থনীতি বিধ্বস্ত কৰিছে। কৃষক, শ্ৰমিক,মজদুৰৰ হাহাকাৰ অৱস্থা। মধ্যবিত্ত জনগণৰ পানীত হাঁহ নচৰা অৱস্থা। ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় অৱস্থাৰ অচলাৱস্থা। কবলৈ গ'লে একশ্বাসৰুদ্ধকাৰী পৰিবেশ চাৰিওদিশে। নতুন বেমাৰ নেকি কৰোণা? লক্ষণ সৰ্দি, জ্বৰ ,মুৰৰ বিষ, নাক বন্ধ হোৱা আদি।

           এই বেমাৰ আগতেও আছিল। বতৰৰ পৰিৱৰ্তনৰ
ফলত এই ৰোগৰ সৃষ্টি হোৱাটোও সকলোৱেই অৱগত। পিছলৈ দীৰ্ঘ দিনৰ অন্তত ভেকচিন আৱিষ্কাৰ হোৱাৰ পিছত আকৌ কৰোণাৰ তান্ডব সৃষ্টি হৈছে। পতঞ্জলি ও ভেকচিন আৱিষ্কাৰ কৰিছে যদিও ৮৩ জন পতন্জলিৰ শ্ৰমিক কৰোণাত আক্ৰান্ত হৈছে বুলি জনা গৈছে। আমাৰ দেশৰ চিকিৎসা বিজ্ঞানীয়ে ভেকচিন আৱিষ্কাৰ কৰিছে যদিও মৃত্যুৰ হাৰ কমাব পৰা নাই। বুজিব নোৱাৰা যেন সাথোৰ অনুভৱ হৈছে।

            এতিয়া হেনো আকৌ অক্সিজেনৰ নাটনি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।ফলত হাহাকাৰ অৱস্থা হৈছে।দেশত অক্সিজেন প্লান্ট নোহোৱা হৈ পৰিছে ।উৎপাদন কিয় কৰিব পৰা নাই প্ৰশ্নৰ উদয় হৈছে। দিল্লীৰ মূখ্যমন্ত্ৰী কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰিছে যদিও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আকৌ প্ৰটোকল ভঙ্গ কৰা বুলি কেজৰিৱালক দোষাৰোপ কৰিছে।দুই মহৰ যুজত যেন বিৰিনাৰ মৰণ হে হৈছে।

           পৰিশেষত এটা কথাই কবলগীয়া,সেইয়া হৈছে-
মহামাৰীৰ ক্ষেত্ৰত ৰাজনীতি হব নালাগে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দা‌য়িত্ব তেওঁলোক পালন কয়ক। মহামাৰীৰ অৱসান হব লাগে।ত্ৰাসিত জনগণক সহায়ৰ হাত আগবঢ়াব লাগে। আকৌ এটা কথাই কবলগীয়া, সেইয়া হল- Malthusian theory's of population সমূহ দেশতেই আৰম্ভ হল নেকি? কি ক‌য় দেশৰ অৰ্থনীতিৰ বিশেষজ্ঞ সকলে?

            এইখিনিতে এটা কথাই কবলগীয়া মে একবিংশ শতিকাৰ ক্ষণত বিজ্ঞান মনষ্ক দেশত কমিছে নেকি?
দুৰাৰোগ্য বেমাৰৰ চিকিৎসা লতা- পতা বা জৰা- ফুটা ৰে সম্ভব জানো? সেইয়া ও কিন্তু আমাৰ চৰকাৰে কৰি দেখুৱাইছে। কৰোণা খেদিবলৈ বাৰু কাঁহী-বাটি বজোৱা,মমবাতি জ্বলোৱা,টৰ্চ আৰু মোবাইল টৰ্চ জ্বলোৱা এই বোৰ বাৰু চিকিৎসা বিজ্ঞানৰ সূত্ৰ হয় নেকি? অবাস্তৱ চিন্তা চৰ্চাই দেশখনক সামন্তীয় মুখ লৈ যেন ঠেলি পঠিয়াই আছে। তাৰেই ফলস্বৰূপে এই দেশত আখৰা চলি আছে যেন ধাৰণা হয়।

Post a Comment

0 Comments