মৰিগাঁও আৰক্ষীৰ শলাগনীয় পদক্ষেপ

 মৰিগাঁও আৰক্ষীৰ শলাগনীয় পদক্ষেপ

জুলহাছ আলী আহমেদ,জাগীৰোড

প্ৰাণঘাটি ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ আৰক্ষীয়ে লৈছে অভিনৱ পদক্ষেপ। সম্প্ৰতি ড্ৰাগছৰ চৰণীয়া পথাৰলৈ পৰিনত হৈছে অসম ৰাজ্য। ড্ৰাগছৰ দৰে মাৰাত্মক নিচা জাতীয় দ্ৰব্য নিৰ্মূল কৰিবলৈ অসম আৰক্ষীয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই যোৱাৰ সময়তে মৰিগাঁও জিলাৰ আৰক্ষীক এইবাৰ ভিন্ন পন্থা অৱলম্বন কৰা দেখা গৈছে। মাদক দ্ৰব্যৰ ঘাটিত পৰিনত হোৱা মৈৰাবাৰীৰ পৰা সমূলঞ্চে ড্ৰাগছৰ অবাধ প্ৰচলন আৰু ৰমৰমীয়া বেহা-বেপাৰ নিৰ্মূল কৰিবলৈ একপ্ৰকাৰ জেহাদ ঘোষণা কৰা পৰিলক্ষিত হৈছে।

ড্ৰাগছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনৰ নিৰ্দেশ মৰ্মে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিয়য়া ছাব্বিৰ আলিয়ে বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ইমাম সকলক মাতি নি এইবুলি আহ্বান জনাইছিল যে, শুক্ৰবৰীয়া জুম্মা নামাজৰ খুদ্মা পঢ়াৰ সময়ত যাতে মছজিদৰ ইমাম সকলে ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যি কিছু দ্বায়িত্বশীলতা বক্তব্য ৰাখে। মৰিগাঁও আৰক্ষীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সেই মতে ইমাম সকলে শুক্ৰবৰীয়া জুম্মা নামাজৰ সময়ত বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বহু মছজিদত কথাখিনি বহলভাৱে আলোচনা কৰা হয়। আৰু মছজিদত উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজে কথাখিনি হৃদয়ংগম কৰে।

একেদৰে অসমৰ প্ৰতিখন মছজিদ, মাদ্ৰাছা, স্কুল-কলেজৰ পৰা ড্ৰাগছ মুক্ত অসমৰ সজাগতা সৃষ্টি কৰা উচিত। কেৱল মছজিদৰ ইমাম সকলক মাতি নি এই দ্বায়িত্ব অৰ্পণ কৰিলেই নহব, যুৱ সমাজ, শিক্ষিত সমাজ, নাৰী সমাজ, লিখক, সাংবাদিক, সাহিত্যিক, বুদ্ধিজীবী, গাঁওবুঢ়া, আইনজীবী, জনপ্ৰতিনিধি আদি সকলো স্তৰৰ মানুহেই এই দ্বায়িত্ব মুৰ পাতি লৈ দ্বায়বদ্ধতাৰ পৰিচয় দিব লাগিব। বিশেষকৈ মাতব্বৰ সকলক এই দ্বায়িত্ব দিলে অধিক কাৰ্যকৰী হ'ব।

আজি এইবিধ প্ৰাণঘাটি ড্ৰাগছ সমাজত কালৰূপ ধাৰণ কৰিছে। বিপৰ্য্যয় নমাই আনিছে মানৱ সমাজলৈ। মহাব্যাধি হৈ থিয় দিছে এখন সুস্থ সমাজ গঢ়াৰ বাটত। বিশেষকৈ ড্ৰাগছ জাতীয় দ্ৰব্যৰ মাদকত আটাইতকৈ বেছি ক্ষতিকৰ প্ৰভাৱ পৰিছে যুৱসমাজৰ ওপৰত। কিয়নো কমবয়সীয়া যুৱকসকল অতি সহজতেই নতুন, অজ্ঞাত, অপৰিচিত অনুভূতিৰ প্রতি আকৃষ্ট হয়।

সেয়ে অসাধু ড্ৰাগছ ব্যৱসায়ী সকলৰ প্রাথমিক লক্ষ্য হয় এই যুৱসমাজ। গতিকে হাইপোটনিক চিৰিঞ্জ ৰে নিজৰ শৰীৰৰ ভিতৰত ভয়ংকৰ মাদক ৰস নিয়ন্ত্রিত কৰি যুৱসমাজৰ এটা অংশই প্রতিনিয়ত নিজৰ ভবিষ্যতৰ যি অন্ধকাৰ মাতি আনিছে তাক প্ৰতিৰোধ কৰিব নোৱাৰিলে, সৰ্বনাশ অনিবাৰ্য।

সৃষ্টিৰ আদি লগ্নৰ পৰা মানুহ প্ৰকৃতিৰ সৈতে সংগ্রাম কৰি কৰি পৃথিৱীৰ বুকুত গঢ়ি তুলিছে সভ্যতা। এই সংগ্রামৰ পথত সময়ে সময়ে বাধা হৈ থিয় দিছে নানা ধৰণৰ প্রতিকূলতা। সমস্যা আৰু প্রতিকূলতাক বিভিন্ন উপায়েৰে জয় কৰি মানুহ আজি সভ্যতাৰ পথত আগুৱাই গৈছে। পিছে এনেকুৱা কিছুমান সমস্যা আছে যাৰ সমাধান আজিও মানুহে বিচাৰি পোৱা নাই আৰু সেই সমস্যাসমূহ এতিয়াও সভ্যতাৰ উন্নতিত অন্তৰায় হৈ থিয় দিছে।

সেই সমস্যাসমূহৰ মাজত অন্যতম হৈছে মাদকাসক্তি। সভ্যতাৰ আদি লগ্নৰ পৰা সমাজৰ মাজত ভূ-নিহিত এই সমস্যাটোয়ে সমাজক কলুষিত কৰি, সভ্যতাৰ ধাৰক তথা বাহক মানুহৰ নৈপুণ্যতা, দক্ষতা, কার্যকাৰিতা হ্রাস কৰি যুৱসমাজক অকর্মণ্য, অকেজো কৰি তোলে। ফলত স্বাভাৱিকভাৱেই সমাজৰ শান্তি, শৃংখলাবদ্ধতা আৰু অগ্রগতি বাধাপ্রাপ্ত হয়। আদিম যুগৰ পৰা আজি লৈকে মানুহে এই সমস্যাটোৰ কোন সার্বিক আৰু  স্থায়ী সমাধান বিচাৰি পোৱা নাই।

যদিওঁ এই সমস্যাত আক্রান্ত ব্যক্তিৰ প্রতিকাৰ অৱশ্যেই সম্ভব। এই জ্বলন্ত সমস্যাটোৱে আজিও বহু ক্ষেত্ৰত সমাজক পঙ্গু কৰি ৰাখিছে। সেয়ে আজি বিজ্ঞানৰ জয়যাত্রাৰ সময়ত সমাজৰ সমস্যা জর্জৰিত এইবিধ ঘাতকৰূপী ড্ৰাগছ আৰু তাৰ প্রতিকাৰক লৈ সকলোতে আলোচনা হোৱা একান্ত জৰুৰী। আজি যেন সেই আলোচনাৰ দ্বাৰ মুকলি কৰিলে মৰিগাঁও জিলাৰ আৰক্ষীয়ে। এইদৰে ড্ৰাগছ বিৰোধী সজাগতা মুলক আলোচনাৰ পৰিবেশ গঢ়ি তুলিব লাগিব, চৰকাৰ-প্ৰশাসনৰ লগতে সমাজৰ মাতব্বৰ সকলেই।

Post a Comment

0 Comments