গোৱালপাৰা চহৰৰ আৰোৰা একাডেমীত উত্তপ্ত পৰিস্থিতি।

গোৱালপাৰা চহৰৰ আৰোৰা একাডেমীত উত্তপ্ত পৰিস্থিতি।

গোৱালপাৰা চহৰৰ আৰোৰা একাডেমীত উত্তপ্ত পৰিস্থিতি, হোষ্টেলৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। গোৱালপাৰা চহৰৰ ভালুকডুবিত অৱস্থিত আৰোৰা একাডেমী নামৰ বিদ্যালয়ৰ হোষ্টেলত সংঘটিত হয় অঘটন। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰী ৰহস্যজনক ভাৱে চিপলৈ আত্মহত্যা কৰা ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাইজৰ সোত বয় বিদ্যালয়লৈ। 

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তাৰাংগাপুৰ গাৱৰ নুৰ উদ্দিনৰ ছোৱালী নুৰ নেহাৰৰ মৃত্যুৰ বাতৰিয়ে এফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আনফালে অঞ্চলজুৰি শোকৰ ছা পৰে। এগৰাকী প্ৰতিভাবান ছাত্ৰীৰ অকাল বিয়োগত শোকাকুল হৈ পৰে সমগ্ৰ পৰিবেশ।উল্লেখ্য যে ২৩ এপ্ৰিলৰ দুপৰীয়া ছাত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতাৰ কথা ফোনযোগে অভিভাৱকক জনাইছিল বিদ্যালয় কৰ্তৃপক্ষই। আকৌ সন্ধিয়া ৫ মান বজাত পুনৰ অভিভাৱক ফোন যোগে ছাত্ৰী গৰাকী চিপলৈ আত্মহত্যা কৰাৰ খবৰ দিয়ে । 

উক্ত খবৰ পাই ছোৱালী গৰাকীৰ ঘৰত কান্দোনৰ ৰোল উঠে আৰু ততাতৈয়াকৈ হোষ্টেললৈ আহে। হোষ্টেলত উপস্থিত হৈ অভিভাৱকে নিজ সন্তানৰ এই মৃত্যুক সহজভাৱে লব পৰা নাই। লগতে এই মৃত্যু ৰহস্যজনক বুলি কয় অভিভাৱকে। কিয়নো দুপৰীয়া বেমাৰৰ কথা কোৱা আৰু সন্ধিয়া আত্মহত্যাৰ খবৰ দিয়া বিষয়টোত সন্দেহ প্ৰকাশ কৰে অভিভাৱকে । 

ইফালে একাডেমী কতৃপক্ষৰ ভাষ্যৰ প্ৰতি সন্দেহৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰে অভিভাৱক সকলে। ঘটনাৰ পিছত বিদ্যালয়ৰ গেটত তলা লগাই দিয়া হয় আৰু কোনো লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল। ঘটনাস্থলীত গোৱালপাৰা আৰক্ষীৰ উচ্চ পদস্থৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ মন্তব্য বিচৰা হৈছিল যদিও ৰহস্যজনক ভাৱে সকলোৱে নিৰৱতা অৱলম্বন কৰে।

জানিব পৰামতে আৰোৰা একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খন সম্পূৰ্ণ ব্যৱসায় ভিত্তিত মুনাফা লুটিবলৈ পিতা পুত্ৰই স্থাপন কৰে।  ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা হাফিজুৰ ৰহমান আৰু পিতৃ আব্দুল মালেকে নিজৰ খেয়াল খুচিমতে বিদ্যালয় খুলি ব্যৱসায় কৰি থকাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।মৰোণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছত পোহৰলৈ আহিব এয়া কেনেধৰণৰ মৃত্যু !

Post a Comment

0 Comments