কাইলৈ পৱিত্ৰ ঈদ
ইছলাম ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰ ঈদ উল ফিতৰ মঙ্গলবাৰে অনুষ্ঠিত হ'ব। সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে পৱিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আদায় কৰা হ'ব মঙ্গলবাৰে। এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় হিলাল কমিটিয়ে। শনিবাৰে চৌদি আৰৱৰ আকাশত কাঁচি জোন প্ৰত্যক্ষ নোহোৱাত মক্কা শ্বৰীফত সোমবাৰে ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিব। তাৰ সমান্তৰালকৈ মঙ্গলবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ঈদ উৎযাপন কৰা হ'ব। ইয়াকে লৈ এতিয়া ইছলাম ধৰ্মাৱলম্বী সকলৰ মাজত আনন্দৰ সীমা নোহোৱা হৈছে। ৰাজ্যজুৰি কেৱল উৎসৱমূখৰ পৰিৱেশ। ইতিমধ্যে ঈদগাহ সমূহ সজাই পৰাই তোলা হৈছে। আলোকসজ্জাৰে সজ্জিত কৰি ঈদগাহ সমূহ জাকজমকতাৰে পৰিপূৰ্ণ কৰি তুলিছে যুৱক সকলে।
বিগত দুটা বছৰ পাছত সন্মিলিতভাৱে ঈদৰ সমূহীয়া নামাজ সমাপন কৰিব পাৰিব বুলি নিশ্চিত হৈ মুছলমান সকলে নেদেখাজনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। কাল কৰোনাৰ বাবে বিগত অভিশপ্ত বছৰ দুটাত মুছলমানে ঈদগাহত সমূহীয়াভাৱে ঈদ পালনৰ পৰিবৰ্তে অনুষ্ঠপিযাকৈ নিজৰ ঘৰতে পৱিত্ৰ ঈদৰ নামাজ সম্পন্ন কৰিছিল। এইবাৰ মহান আল্লাহৰ কৃপাত ইছলাম ধৰ্মাৱলম্বী সকলে ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিতৰৰ নামাজ সমূহীয়া ভাৱে ঈদগাহত আদায় কৰিব পাৰিব।
সম্প্ৰতি ঈদৰ আনন্দ উছাহত ইছলাম ধৰ্মাৱলম্বী সকল মচগুল হৈ পৰিছে। পৰস্পৰে পৰস্পৰক ঈদৰ শুভেচ্ছা বিনিময় কৰিছে। চেঁৱৈ-পিঠাৰে ঈদ উৎসৱক বৰ্ণিল কৰি তুলিবলৈ ইতিমধ্যে ইজনে সিজনক নিমন্ত্ৰন জনাবলৈ আৰম্ভ কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়েও যেন ঈদৰ উছাহত কোন প্ৰভাৱ পেলাব পৰা নাই। মুঠতে এতিয়া সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ তথা ৰাজ্যৰ আকাশে-বতাহে, সৰ্বত্ৰে কেৱল ঈদ মোবাৰক আৰু ঈদ মোবাৰক।
আচলতে ঈদ মানে হৈছে আনন্দ-ফূৰ্তি। ঈদ মানেই হৈছে সমন্বয়, সম্প্ৰীতিৰ বাৰ্তাবাহক। সেয়ে পৱিত্ৰ ঈদ উল ফিতৰ উপলক্ষ্যে ইছলামধৰ্মী মুছলমান সকললৈ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম ৰাজ্যিক সভাপতি ভূপেন বৰা, জাগীৰোড সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, নিখিল ভাৰত সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয়ত পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাংবাদিক পৰিষদ, অসম ৰাজ্যিক সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ৰবিন দাস, আলোচনী সম্পাদক জুলহাছ আলী আহমেদ, সহকাৰী আলোচনী সম্পাদক গাজিবুৰ ৰহমান সমন্বিতে সকলোৱেই পৱিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি এই বুলি আশা প্ৰকাশ কৰে যে, ঈদ উল ফিতৰৰ এই আনন্দোৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, উন্নতি তথা সমন্বয়-সম্প্ৰীতি আৰু প্ৰেম-ভালপোৱাৰ বতৰা।
সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ তথা ৰাজ্যতো অটুট থাকক সাতামপুৰুষীয়া ভাতৃত্ববোধ। সুচনা হওঁক সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক নতুন দিগন্ত। দূৰ হওঁক হতাশা। আতৰ হওঁক সকলোধৰণৰ অসূয়া-অমঙ্গল তথা অপ্ৰীতি। পৱিত্ৰ ঈদ উল ফিতৰৰ মাহাত্ম্যই সকলোৰে মন-মগজুৰ পৰা চিৰদিনৰ বাবে দূৰ কৰক হিংসা, ঘৃণা, নিন্দা, বিভেদ তথা বিদ্বেষভাৱ। আমিওঁ ঈদ উল ফিতৰৰ এই পৱিত্ৰ ক্ষণত নেদেখাজনৰ ওচৰত তাৰেই কামনা কৰিলোঁ।—
জুলহাছ আলী আহমেদ
আলোচনী সম্পাদকসাংবাদিক পৰিষদ, অসম
0 Comments