হিন্দু মানেই বেয়া নহয় আৰু বিজেপিতো আছে ভাল মানুহ
সম্প্ৰতি সমগ্ৰ দেশজুৰি অশান্তিৰ দামামা বাজি আছে। একাংশ হিংসাকুৰীয়া, ঈৰ্ষা পৰায়ণ তথা সাম্প্ৰদায়িক মানসিকতাৰ লোকে দেশৰ চাৰিওফালে অবিশ্বাস, অসহিষ্ণুতা আৰু অশান্তিৰ বিষবাষ্প ছটিয়াই সমাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টাত অকনো কৃপনালি কৰা নাই।লগাই
বৈচিত্ৰৰ মাজত ঐক্য থকা ৰাম-ৰহিমৰ এইখন বাৰেচহৰীয়া ফুলনি বাগিচা সুদৃশ্য ভাৰতবৰ্ষত এটা পক্ষই প্ৰতিনিয়ত এক ৰক্তক্ষয়ী সংঘৰ্ষ সৃষ্টি কৰিবলৈ সৰ্বতোপ্ৰকাৰে ব্যৰ্থ চেষ্টা কৰি গৈছে। সৰ্ব ধৰ্ম সমন্বয়ৰ শান্তিপূৰ্ণ ভাৰতবৰ্ষৰ সভ্যতা আৰু মান-স্বাভিমানৰ প্ৰতি বিন্দুমাত্র ভ্ৰূক্ষেপ নকৰি অশান্তি সৃষ্টিৰে বিশ্বদৰবাৰত ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে। পাৰস্পৰিক সম্পৰ্কত তিক্ততা আনয়ণ কৰাৰ লগতে পৰস্পৰৰ মাজত অবিশ্বাসৰ বাতাবৰণ জন্ম দি হিন্দু-মুছলমানৰ মাজত দূৰত্ব বৃদ্ধি কৰিব খুজিছে।
হিংসা, ঘৃণা, নিন্দা, ধৰ্মীয় বিদ্বেষ, শত্ৰুতাৰ পৰিবেশ সৃষ্টিৰ দ্বাৰা হিন্দু-মুছলমানৰ মাজত এটা ভয়ংকৰ পৰিস্থিতি উদ্ভৱ কৰিব বিচৰা হৈছে। মুঠৰ ওপৰত দেশৰ ভিতৰত এটা ব্যাপক ৰক্তক্ষয়ী সংঘৰ্ষ সংঘটিত কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচা হৈছে। কেতিয়াবা যদি হিজাবকলৈ দেশৰ পৰিস্থিতি উত্তপ্ত কৰা হৈছে আৰু কেতিয়াবা আজানকলৈ দেশৰ আকাশ বতাহ গৰম কৰা হৈছে। কৰবাত যদি মছজিদৰ মীনাৰত গেৰুৱা পতাকা উত্তোলন কৰি জয় শ্ৰীৰামৰ ধ্বনি দি উত্তাল পৰিস্থিতি সৃষ্টি কৰা হৈছে আন কৰবাত আকৌ নামাজ পঢ়ি থকা সময়ত মছজিদৰ সন্মূখত মাইক লগাই Hanuman Chalisa পাঠ কৰা হৈছে।
মুঠতে পাকে প্ৰকাৰে মুছলমানসকলক উত্তেজিত কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভাৰতবৰ্ষত এটা জাতিগত সংঘৰ্ষ সংঘটিত কৰি দেশখনক অচল-অস্হিৰ কৰিব বিচৰা হৈছে। পিছে দেশৰ ধৰ্মনিৰপেক্ষ, উদাৰবাদী জনতাই সেই কু'চক্ৰান্ত কেতিয়াও ফলৱতী হ'ৱলৈ নিদিয়ে। চৰকাৰ-প্ৰশাসনৰ লগতে দেশৰ কোটি কোটি জনতাই দুস্কৃতিকাৰীসকলৰ কু'অভিসন্ধি তথা ষড়যন্ত্রক প্ৰতিহত কৰি সেই তাহানি যুগৰে পৰা চলি অহা ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰিব।
কেৱল মুছলমান সকলে ধৈৰ্য্য ধাৰণ কৰিব লাগে। কাৰো কথাত উত্তেজিত নহৈ দেশৰ আইন ব্যৱস্থাৰ প্ৰতি আস্থা, বিশ্বাস ৰাখি এই ধৈৰ্য্য, সংযম আৰু ত্যাগৰ মাহ ৰমজানত ৰোজা (ব্ৰত) পালনৰ লগতে নামাজ পঢ়ি সৃষ্টিৰ শ্ৰষ্টা মহান আল্লাহৰ ওচৰত দেশৰ ঐক্য, শান্তি, উন্নতি আৰু দুষ্টমতি সকলৰ সুমতি কামনাৰে দোৱা-প্ৰাৰ্থনা কৰা উচিত।
উল্লেখ্য যে, যি সময়ত একাংশ উগ্ৰ মনোবৃত্তিৰ সাম্প্ৰদায়িক মতাদৰ্শৰ লোকে ধৰ্মৰ দোহাই দি হিন্দু-মুছলমানৰ মাজত এখন কুৰুক্ষেত্ৰৰ ৰণ সৃষ্টি কৰিব বিচাৰিছে, ঠিক সেই সময়তে বিহাৰৰ হিন্দু সকলক ভাতৃত্ববোধৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰা দেখা গ'ল। বিহাৰৰ কাটিহাৰত ৰামনৱমীৰ শোভাযাত্ৰাত একাংশ উদাৰবাদী হিন্দুৱে Humain Chain বনাই এটা মছজিদক সুৰক্ষা প্ৰদান কৰি সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাই দিলে, যাতে কোনো দুস্কৃতিকাৰীয়ে মছজিদখনৰ ক্ষতিসাধন কৰিব নোৱাৰে।
আচলতে হিন্দু মানেই সাম্প্ৰদায়িক নহয়। এয়া তাৰ জলন্ত উদাহৰণ। ইফালে বিজেপিৰ জেষ্ঠ নেতা তথা কৰ্নাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি.এছ. য়েডিয়ুৰপ্প মুছলমানৰ পক্ষত থিয় দি হিন্দুত্ববাদী সংগঠনৰ উদ্দেশ্য কোৱা শুনা গ'ল যে, মুছলমানসকলক শান্তিৰে থাকিবলৈ দিয়ক। তেওঁলোকক সন্মানেৰে জীয়াই থাকিবলৈ দিয়ক।
মুছলমানে আঘাত পোৱা কাম নকৰিব, এনেদৰে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকক সান্তনা দি তেওঁ পুনৰাই কয়ঃ এগৰাকী মাতৃৰ-সন্তানৰ দৰে হিন্দু-মুছলমানে একেলগে বসবাস কৰি থাকক। ইয়াৰ পৰা প্ৰতিয়মান হয় যে, বিজেপিৰ ভিতৰচৰাতো ভাল মানুহেৰে ভৰি আছে। প্ৰসংগত ক'বলৈ গ'লে এওঁলোকেই হৈছে বসুধৈৱ কুটুম্বকম্ আৰু যত জীৱ তত শিৱৰ কথা কোৱা প্ৰকৃত সনাতনী।
জুলহাছ আলী আহমেদ, জাগীৰোড, মৰিগাঁও (অসম)
0 Comments