ৰমজান মাহ সমাগত-

 ৰমজান মাহ সমাগত


ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলৰ পূণ্যময়ী আৰু পৱিত্ৰ ৰমজান মাহ সমাগত। ৰমজানৰ আগমনক'লৈ বিশ্ব মুছলমান সকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ। এটা বছৰ প্ৰতিক্ষাৰ অন্তত দয়া, কল্যাণ আৰু ক্ষমা'লৈ মুছলমান সকলৰ দুৱাৰডলিত আহি উপস্থিত হোৱাৰ ক্ষণ গণি থকা পূণ্যময়ী মাহ ৰমজানক আদৰিবলৈ বিশ্বৰ মুছলমান সকলে চলাইছে ব্যাপক প্ৰস্তুতি।

বিশুদ্ধ মনেৰে ৰমজান মাহত বিভিন্ন ধৰণৰ এবাদত-বন্দেগী কৰিবলৈ ইতিমধ্যে পৰিকল্পনা যুগুত কৰি উলিয়াইছে মুছলমান লোক সকলে। এতিয়া কথা হ'ল, পূণ্যৰ কাম কেৱল ৰমজান মাহতেই কিয়? হয়, বিশ্বৰ ইছলামধৰ্মী মুছলমান সকলৰ অন্যতম গুৰুত্বপূৰ্ণ তথা পৱিত্ৰ মাহ হৈছে মাহে ৰমজান। ধৈৰ্য, ত্যাগ আৰু মহা সংযমৰ মাহ ৰমজানত সমগ্ৰ বিশ্বৰ মুছলমানসকলে দিনটো উপবাসে থাকি ৰোজা (ব্ৰত) পালনৰ দৰে কঠিন ধৰ্ম কাৰ্য কৰে।

সম্পূৰ্ণ এটা মাহ (৩০ দিন) ভোকে-পিয়াহে, অনাহাৰে থাকি ৰোজাৰ দৰে কঠিন তপস্যা কৰা বহু মুছলমানেই আকৌ অৰেটো নিশা উজাগৰে থাকি সৰ্বশক্তিমান আল্লাহৰ এবাদত-বন্দেগী (আৰাধনা-প্ৰাৰ্থনা)ত মগ্ন থাকে। তদুপৰি ৰমজান মাহত ইছলামধৰ্মী মুছলমানসকলে নামজ আদায় কৰে, ক্বোৰআন পঢ়ে, দুখীয়া-দৰিদ্ৰক দান-দক্ষিণা দিয়ে, ডাঙৰক শ্ৰদ্ধা-সন্মান কৰে, সৰুক আদৰ-চেনেহ কৰাৰ লগতে হিয়া উজাৰি মা-দেউতাকৰ সেৱা-শুশ্ৰূষা কৰে, কাৰো অন্যায় সাধন নকৰাৰ সংকল্পৰে বিভিন্ন অপৰাধ-অপকৰ্ম আদি অসামাজিক পাপ কাৰ্য্যৰ পৰা বিৰত থাকে, ঈশ্বৰ-আল্লাহৰ ওচৰত নিজকে সমৰ্পিত কৰি অৰ্জিত পাপৰ পৰা মুক্তি বিচাৰে, দেশ তথা দহৰ মঙ্গল-কল্যাণ কামনা কৰাৰ উপৰিও ইহলীলা সম্বৰণ কৰাসকলৰ ৰুহৰ মাগফিৰাত (আত্মাৰ চিৰশান্তি) কামনা কৰে।

পিছে এইসমূহ পূণ্যৰ কাম কেৱল ৰমজান মাহতেই কিয়? সম্পূর্ণ ১২ মাহ এইসমূহ ভাল কাম কৰিব নোৱাৰি নেকি? নিশ্চয় পাৰি। তাৰ বাবে সকলোৱে সংকল্প লব লাগিব। বিশেষকৈ আমাৰ যুৱশক্তি, মুৰব্বী সমাজ, শিক্ষিত সমাজ, আলিম-উলামা আৰু স্হানীয় সংগঠনসমূহে উদ্যোগ লব লাগিব।

আমি যদি ১২টা মাহতেই এই নীতিৰ ওপৰত চলিব পাৰিলোহেতেন তেন্তে আজি আমাৰ ওপৰত ঈশ্বৰ-আল্লাহৰ অভিশাপ অৱতীৰ্ণ নহলহেঁতেন আৰু আমাৰ জাতি, আমাৰ সমাজ তথা আমাৰ ৰাষ্ট্ৰ বহুখিনি আগোৱাই গলেহেঁতেন। (সেইবুলি ৰমজান মাহৰ ৰোজা অন্য মাহত পালনৰ কথা কোৱা নাই)। প্ৰসংগত উল্লেখ্য যে, বিগত দুটা বছৰ মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে যদিওঁ মুছলমানে ভালকৈ অৰ্থাৎ পৰিপূৰ্ণভাৱে আল্লাহৰ উপাসনা কৰিব পৰা নাছিল কিন্তু এইবাৰ মহান আল্লাহ ৰাব্বুল আলামিনে প্ৰাণ ভৰি পৰমেশ্বৰৰ ইবাদত-বন্দেগী কৰিবলৈ সুযোগ-সুবিধা দিছে।

তাৰ পাছতো যদি কোনো মুছলমানে এইবেলি ধৰ্মীয় কাৰ্য কৰাত অপাৰগতা প্ৰকাশ কৰে তেন্তে সেইটো হ'ব তেওঁলোকৰ বাবে দুৰ্ভাগ্যৰ বিষয়। যিকি নহওঁক, সমাগত পৱিত্ৰ ৰমজান মাহক উদ্দেশ্য কৰি এটা কবই লাগিব যে, দিনটো ভোকে-লঘোণে থাকি ৰমজানৰ ৰোজা পালনৰ অন্তত ইফতাৰ অৰ্থাৎ ৰোজা ভঙ্গ কৰি কোনোৱেই যেন-'Dew/ 7UP/ Coke/ Pepsi/ Sprite' আদি এই জাতীয় বস্তু ব্যবহাৰ নকৰে, কিয়নো গোটেই দিনটো একো নোখোৱাকৈ ৰোজা পালন কৰাৰ কাৰনে ৰোজাদাৰৰ কিডনি Dehydrated হৈ থাকে, তেনেস্থলত গেছীয় পানীয়ও ব্যবহাৰ কৰিলে কিডনি ফেল হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ইয়াৰ পৰা সকলোকে বাচি থাকিবলৈ পৰামৰ্শ দিয়া হ'ল।—

জুলহাছ আলী আহমেদজা, মৰিগাঁও (অসম)

Post a Comment

0 Comments