লক্ষীপুৰ ত ২২ বছৰীয়া যুৱক হাচেম হক নিখোজ
ডেৰ মাহৰ পৰা সুংসূত্ৰ নাই লক্ষীপুৰ কান্টাপুৰৰ হাচেম হকৰ: হাচেম হকৰ নিখোজত হতাশাত ভাগি পৰিছে পৰিয়ালৰ সদস্য: সুংসূত্ৰ উলিওৱাত ব্যাৰ্থ গোৱালপাৰা আৰক্ষী:
নুৰ আমিন, চুনাৰী-
গোৱালপাৰা জিলাৰ লক্ষীপুৰ কান্টাপুৰ গাওৰ হাচেম হক নামৰ ২২ বছৰীয়া যুৱক জন বিগত প্ৰায় কুৰি দিনৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ সদস্য সদস্যা সকল হতাশাত ভাগি পৰিছে। কান্টাপুৰৰ চাইদুল ইচলামে জনোৱা মতে তেঁওৰ ২২ বছৰীয়া পুত্ৰ হাচেম হকে যোৱা ১২ জানুৱাৰীৰ দিনা গুৱাহাটীত ৰাজ মিস্ত্ৰীৰ কাম কৰিবলৈ গৈছিল।
যোৱা ৪ ফেব্ৰুৱাৰীত হাচেম হকে ২৩ দিনৰ হাজিৰা সামৰি ঘৰলৈ বুলি ৰাওনা হয়। সন্ধিয়া ৭ বজাত দুধনৈত আহি পোৱা বুলি হাচেম হকে তেওৰ পত্নীক অৱগত কৰিছিল। সেইটোৱেই আছিল শেষ ফোন। তাৰ পিছৰ পৰাই হাচেম হকৰ মবাইল বন্ধ আছিল।
সেই দিনা বৰষুণ হৈ আছিল। ৰাতি পূৱা পৰিয়ালৰ লোকে বহুত বিচাৰ খোচাৰ কৰে যদিও কোনো ধৰণৰ সুংসূত্ৰ নাপালে হাচেম হকৰ। তাৰ এদিন পিছত হাচেম হকৰ পিতৃ চাইদুল হকে পুত্ৰ হাচেম হকৰ নিখোজ সংক্ৰান্তীয় এটি আবেদন দাখিল কৰে লক্ষীপুৰ থানাত। আজি ডেৰ মাহ পিছতো হাচেম হকৰ সুংসূত্ৰ উলিওৱাত সম্পূৰ্ণ ৰূপে ব্যাৰ্থ হৈছে গোৱালপাৰা আৰক্ষী।
হাচেম হকৰ আছে এটি কণমাণি সন্তান, পত্নী, মা-দেউতা আৰু পৰিয়ালৰ আন আন সদস্য। হাচেম হকৰ সুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোক হতাশাত ভূগিছে। হাচেমৰ পত্নী জবেদা খাতুন আৰু পিতৃ চাইদুল হকে ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰৰ আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনক ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰি হাচেক হকক অৱস্থাত উদ্ধাৰ কৰাৰ বাবে আবেদন জনায়।
0 Comments