আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা!

 আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা!


শিক্ষাজীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটোয়েই হৈছে মেট্ৰিক পৰীক্ষা।

আজিৰে পৰা অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাই মাদ্ৰাছাৰ সমূহ পৰীক্ষাৰ্থীলৈ প্ৰথমে আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ, মেট্ৰিকৰ দৰে এটি গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়েই যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ দেশ তথা দহৰ সেৱাত ব্ৰতী হ'ব পাৰে।

কোৱা বাহুল্য যে, প্ৰতিজন বিদ্যাৰ্থী তথা যুৱপ্ৰজন্মই হৈছে দেশৰ ভৱিষ্যত আৰু সমাজ এখনৰ মেৰুদণ্ডস্বৰূপ। কেনেবা কৰি যদি এই ৰাজহাড়ত ঘূণে ধৰে তেতিয়া সমাজ তথা ৰাষ্ট্ৰৰ কি দশা হ'ব সেয়া সহজে অনুমেয়। আজি আমাৰ এচাম যুৱক তথা বিদ্যাৰ্থী শিক্ষাৰ প্ৰতি অনীহা। শিক্ষাৰ পৰা বহু দূৰৈত অৱস্থান কৰা বহু ছাত্ৰ-ছাত্ৰী বিপথগামী হৈ পৰা দেখা গৈছে।

সমাজৰ উঠি অহা প্ৰজন্ম আজি কিতাপতকৈ মবাইলত অধিক মনোযোগ দিয়া পৰিলক্ষিত হৈছে। জ্ঞানৰ পুহৰ বিলোৱা গুনগত শিক্ষাৰ ক্ষেত্ৰখনত কৈ আজিৰ যুৱচাম গুটখাকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ প্ৰতি অধিক আসক্ত হৈ পৰিছে। পথে-ঘাটে ছোৱালী জোকোৱাটো সম্প্ৰতি ফেছনত পৰিণত হৈছে। যতে ততে হাই-হুলস্থুল কৰি আমোদ লোৱা একাংশ উদণ্ড যুৱক তথা শিক্ষাৰ্থীয়ে পাহৰি যায় নিজৰ মান-মৰ্যদাৰ কথা।

পাহৰি যায় নিজৰ সভ্য, ভদ্র আৰু খৃষ্টাচাৰ পৰায়ণ বংশ-পৰিয়ালৰ কথা। এনেকুৱা পথভ্ৰষ্ট যুৱকসকলক মূলসুঁতিলৈ ঘুৰাই অনাৰ বাবে অভিভাৱক সকল, সমাজ সচেতন ব্যক্তি তথা চৰকাৰ-প্ৰশাসনে আহোপুৰুষাৰ্থ কৰিব লাগিব। নহলে কেতিয়াও এখন সুন্দৰ, শিক্ষিত, সুশৃংখল, শান্তিপূৰ্ণ, শক্তিশালী সম্প্ৰীতিৰ সমাজ তথা ৰাষ্ট্ৰ গঢ়া সম্ভৱ নহব।

এই ক্ষেত্ৰত আমাৰ পৰীক্ষাৰ্থী সকলে আধাতে শিক্ষা সামৰা নিজৰ পথভ্ৰষ্ট লগৰীয়া-সমনীয়া বন্ধু-বান্ধৱীসকলক শিক্ষা তথা পৰীক্ষাৰ বাবে যথাসম্ভৱ উৎসাহ, শক্তি আৰু সাহস যোগাব লাগিব। শেষত সকলো পৰীক্ষাৰ্থীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।—


জুলহাছ আলী আহমেদ

Post a Comment

0 Comments