পুনৰাই বন্ধ কৰা হ'ল ফ্ৰি-ফায়াৰ গেম
পুনৰাই বন্ধ কৰা হ'ল ফ্ৰি-ফায়াৰ গেম। হয়, আপনি ঠিকই শুনিছে ভাৰতবৰ্ষত পুনৰাই বন্ধ ঘোষণা কৰা হল ফ্ৰি-ফায়াৰৰ দৰে জনপ্ৰিয় খেল।
বিশ্বৰ কোটি কোটি যুৱক-যুৱতীৰ অতি প্ৰিয় খেলটোৱেই হৈ ফ্ৰি-ফায়াৰ। এই খেলটো ভাৰতত নিষিদ্ধ ঘোষণা কৰাৰ লগে লগে যুৱপ্ৰজন্মৰ মাজত এক নিমাওমাও পৰিবেশে বিৰাজ কৰিছে।
পাবজি বা ফ্ৰি-ফায়াৰ খেল হৈছে আধুনিক যুগৰ এবিধ ডিজিটেল ৰোগ। যুৱ সমাজৰ কাৰণে পাবজি আৰু ফ্রি-ফায়াৰ গেম হৈছে একপ্ৰকাৰ মহাব্যাধি আৰু এই ঘাতকৰূপী ব্যাধিয়ে আজি যুৱসমাজৰ মাজত কালৰূপ ধাৰণ কৰিছে। প্ৰাণঘাটি এই গেমটোত সম্প্ৰতি ৮০ শতাংশ যুৱকেই আক্রান্ত।
এই ব্যাধি বা বদ অভ্যাসৰ পৰা যুৱচামক আতৰাই আনিব নোৱাৰিলে অদুৰ ভবিষ্যতে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ যে ধ্বংসৰ মুখলৈ গতি কৰিব তাত কোনো সন্দেহ নাই। কাৰণ, দেশৰ উঠি অহা নৱপ্ৰজন্ম হৈছে দেশ তথা জাতিৰ মেৰুদণ্ড স্বৰুপ। জীৱনত সিহঁতে সিহঁতৰ প্রতিষ্ঠিত হোৱাৰ সপোনবোৰ একাষৰীয়া কৰি গেমাসক্ত হৈ ঘন্টাৰ পিছত ঘন্টা ধৰি মুল্যবান সময় নষ্ট কৰি গৈছে। লিখা-পঢ়াৰ পৰা মনোযোগ আতৰাই কেৱল এইবিধ মাৰাত্মক গেম খেলাত ব্যস্ত যুৱচাম।
গেম খেলাত বাধা নাই, খেলিব পাৰে কিন্তু সেয়া হব লাগিব পৰিসীমিত আকাৰত, যাতে সেই খেলটো কেতিয়াও আসক্তিত পৰিনত নহয়, আৰু যদি আসক্তি পৰ্য্যায়ত পায়গৈ তেনেহলে নিশ্চিতভাৱে তাৰ নেতিবাচক প্রভাৱ পৰাটো স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত সচেতন হ'ব লাগিব অভিভাৱক, সমাজ সচেতন ব্যক্তি তথা চৰকাৰ-প্ৰশাসন। ইতিমধ্যে ফ্ৰি-ফায়াৰ গেমৰ দ্বাৰা হোৱা ক্ষতি অনুধাৱণ কৰিয়েই কেন্দ্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই জনপ্ৰিয় চাইনীজ এপটো সমগ্ৰ দেশতে নিষিদ্ধ ঘোষণা কৰিছে।
অভিভাৱক সমাজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন. ডি. এ. চৰকাৰে ফ্ৰি-ফায়াৰ গেমক নিষিদ্ধ ঘোষণা কৰাৰ লগতে আৰু বহু কেইটা বিদেশী এপ নিষিদ্ধ কৰিছে। চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে। সাৰ্বভৌম ভাৰতৰ অখণ্ডতা, প্ৰতিৰক্ষা, আভ্যন্তৰীণ নিৰাপত্তা তথা স্বতন্ত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে এশৰো অধিক চাইনিজ এফ নিষিদ্ধ কৰিছিল দেশত।
কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক সকলোৱে শলাগিছে। পাবজি, ফ্ৰি-ফায়াৰ আদিৰ দৰে মাৰাত্মক ক্ষতিকাৰক সকলো ধৰণৰ এপ বন্ধ হওঁক। দেশৰ ভৱিষ্যত প্ৰজন্মৰ সদাচৰণৰ দ্বাৰাই এক সুন্দৰ, আদৰ্শবান বৌদ্ধিক সমাজ গঢ়লৈ উঠক। আদর্শবান জীবন গঠন হওক বৌদ্ধিক সমাজত। নীতি আৰু নৈতিকতাৰ ওপৰত কেতিয়াওঁ বিপর্যয় নামি নাহক। স্নেহপ্রীতি আৰু সহানুভূতিৰ সৈতে পৰস্পৰে পৰস্পৰৰ সাহায্য-সহযোগিতাৰ মাধ্যমত এখন আনন্দময়ী আৰু সুখী পৰিয়াল গঢ়ি তোলক, এয়াই সময়ৰ আহ্বান।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদ।
0 Comments