শোভা নাপায়.....!

শোভা নাপায়.....!

শোভা নাপায়... হয়, শংকৰ-আজানৰ পূন্যভূমি অসম মুলুকত সাম্প্ৰদায়িকতাবাদ কদাপি শোভা নাপায়। কাহানিও সাম্প্ৰদায়িকতাবাদৰ আচ নপৰা এইখন সাম্প্ৰদায়িক সম্প্ৰীতিৰ অসম ৰাজ্যত সম্প্ৰতি এচাম উগ্ৰ-সাম্প্ৰদায়িক মনোভাৱ পোষণ কাৰী লোকে আমাৰ সাতামপুৰুষীয়া ঐক্য, শান্তি, সংহতি, সম্প্ৰীতি আৰু পৰস্পৰৰ মাজত থকা সদ্ভাৱ, বিশ্বাস তথা ভাতৃত্ববোধ বিনষ্ট কৰিবলৈ অহৰহ ব্যৰ্থ-চেষ্টা কৰি গৈছে।

অনবৰতে ইটোৰ পিছত সিটো সাম্প্রদায়িক মন্তব্যৰে শান্তিপূৰ্ণ সমন্বয়ৰ সমাজখনত অবিশ্বাস, ঘৃণা তথা অশান্তি সৃষ্টি কৰিব বিচৰা হৈছে। পিছে ভগৱান শ্ৰীকৃষ্ণৰ লীলাভূমি আৰু শংকৰ-আজানৰ মিলনভূমি সুজলা সুফলা শস্য শ্যামলা অসমখনত কোনে, কি স্বাৰ্থত হিংসা, শত্ৰুতা আৰু ধৰ্ম, জাত-পাতৰ বিষবাষ্প বিয়পাব বিচাৰিছে সেইটো বহলাই নকলেও সহজেই অনুমেয়।

পাৰস্পৰিক সম্পৰ্কত কেৰোণ লগাব বিচৰা আৰু পৰস্পৰৰ মাজত কথা সাতামপুৰুষীয়া সম্প্ৰীতিৰ মাজত বিভেদৰ বীজ সিঁচিব বিচৰা কাল পিশাচ বোৰে বিভিন্ন সময়ত ভিন্ন-ভিন্ন ছদ্মনাম দি এইবিলাক ঘৃণনীয়, নিন্দনীয় আৰু নীচ কাম কৰি আছে। সেয়েহে আমি সকলোৱে জাতি-ধৰ্ম নিৰ্বিশেষে পৰস্পৰৰ মাজত থকা একতা, বিশ্বাস আৰু মিলাপ্ৰীতি পাহৰি যাব নালাগিব।

আমি হিন্দু-মুছলমান আদি সকলোৱেই ঐক্যবদ্ধ হৈ তেনে কাল-পিশাচ সকলক চিনাক্ত কৰি সমজুৱাভাৱে এঘৰীয়া কৰি থব লাগিব! লাগিলে সি হিন্দুৱেই হওঁক বা মুছলমানেই নহওঁক কিয়। এনে কৰিলে নিশ্চিতভাৱে আমাৰ সৰ্ব ধৰ্ম সমন্বয়ৰ শান্তিপূৰ্ণ সমাজখনৰ পৰা চিৰদিনৰ বাবে অশান্তিৰ জুইকুৰা নিৰ্বাপিত হ'ব আৰু তাৰ ঠাইত শান্তিৰ পুলি গজি উঠিব লগতে ধুমুহাৰ গতিত প্ৰগতিৰ বাট মুকলি হ'ব।

জুলহাছ আলী আহমেদ, জাগীৰোড

Post a Comment

0 Comments