মৰিগাঁও জিলাৰ মৈৰাবাৰীত চৰকাৰী সম্পত্তি দখল কৰিব খোজা বিনষ্টকাৰীক গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰীত চৰকাৰী সম্পত্তি দখল কৰিব খোজা বিনষ্টকাৰীক গ্ৰেপ্তাৰ

মৈৰাবাৰীত যোৱা ইংৰাজী ২৯/০১/২০২২ তাৰিখে বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ একমাত্ৰ খেলপথাৰ মৈৰাবাৰী ইন্দিৰা খেলপথাৰত থকা বহু বছৰ পুৰণি "Boundary wall"ৰ কিছু নিৰ্দিষ্ট ঠাইত ভাঙি-ছিঙি জৰাজীৰ্ণ হৈ থকাত মৈৰাবাৰী ভিক্টৰীয়া ক্লাৱে  নিজৰ ব্যক্তিগত ধনেৰে মেৰামতি কৰে। 

খেলপথাৰৰ দক্ষিণ ফালে দুটা চুকত একাংশ দুষ্ট চক্ৰই Boundary wall বনোৱা দিনতেই বলপুৰ্বক ভাবে চৰকাৰী সম্পতি ব্যক্তিগত ব্যৱহাৰৰ স্বাৰ্থত ভাঙি দিয়ে যাৰ ফলত খেলপথাৰত বিভিন্ন কাৰ্যসূচী, বিভিন্ন ক্ষেত্ৰত বিশেষ কৈ খৈলুৱৈৰ খেলাধূলা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হয়। কিয়নো চুক দুটাৰে মানুহে ৰাস্তা বনাই খেলপথাৰৰ মাজেদি অহা-যোৱা কৰে লগতে ৰাতিৰ ভাগত বিভিন্ন ধৰনৰ অসামাজিক কৰ্মৰ লগতে মাদক দ্ৰব্য যেনে মদ ভাং ড্ৰাগছ কফছিৰাপ ইত্যাদি সেৱনৰ কেন্দ্ৰ স্থল হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।

খেলপথাৰৰ নিৰাপত্তাৰ স্বাৰ্থত ও এক উন্নত খেলাধূলাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্য ক্লাৱে সেই চুক দুটা বন্ধ কৰাত ইক্ৰামূল হক নামৰ ব্যক্তিজনে পত্নীসহ (মাশ্বূকা বেগমৰ) ফাৰুক আৰু জুলফিকাৰ আটাইকেজনে ক্লাৱৰ সদস্যসকলক মাৰপিটৰ দৰে বিভিন্ন ভয়ভাবুকি দি ২/৩বাৰকৈ wall ভাঙি দিয়ে যদিও ক্লাৱৰ সদস্য সকলে wall গঢ়ি তুলিবলৈ সক্ষম হয় আৰু ৰাতি ১১বজালৈ প্ৰহৰা দিয়ে। ক্লাৱৰ সদস্যই ৰাতি১১জাৰ পিছত ঘৰাঘৰি হৈ ৰাতিপুৱা ৯বজাত wall ত পানী দিবলৈ আহি দেখা পাই উক্ত  wall দুটা ভাঙি দিয়া হৈছে। ক্লাবৰ সদস্যই নিৰুপায় হৈ মৈৰাবাৰী আৰক্ষী চকীত এখনি এজাৰৰ দাখিল কৰিছে। 

মৈৰাবাৰী আৰক্ষীয়ে ইক্ৰামূল হক নামৰ ব্যক্তিজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে যদিও পত্নী সহ বাকী দজন আচামী পলাতক অৱস্থাত আছে। ক্লাৱৰ সদস্যই চৰকাৰী সম্পত্তি বিনষ্ট কৰিব দিয়া নহব, খেলাধূলাৰ অসুবিধা কৰিব খোজোক এৰি দিয়া নহব ইত্যাদি ধ্বনিৰে খেলপথাৰ উত্তাল কৰি তোলে।

বৰ্তমান সময়ত অসমৰ খেল-জগত খন বিশ্বদৰবাৰত জিলিকি গৈ আছে তেন্তে ক্ষেত্ৰত একাংশই বিভিন্ন বাধা বিঘিনি ও চৰকাৰী সম্পত্তিক বল পুৰ্বকভাবে ব্যক্তিগত সম্পত্তি বনাব খোজা সকলৰ বিৰুদ্ধে চৰকাৰে কেনেকুৱা ব্যৱস্থা গ্ৰ্হন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হব।

 মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট 

Post a Comment

0 Comments