মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি...!
৩১ ডিচেম্বৰক ঘেৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। নৱবৰ্ষক আদৰাৰ নামত বহুৱালী নকৰিবলৈ মুখমন্ত্ৰী গৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰিছে উশৃংখল যুৱকসকলক৷ ইয়াৰ পূৰ্বেও অনুৰূপ সকিয়নি প্ৰদানেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোহাৰিছিল যে, ৩১ ডিচেম্বৰ পালন কৰাৰ নামত মদ্যপাণ কৰি গাড়ী নচলাব৷ কিয়নো সেইদিনা ৰাজ্যৰ চৌদিশে আৰক্ষী বাহিনী সষ্টম হৈ থাকিব৷ লগত থাকিব পৰিবহণ বিভাগৰ বিষয়াসকলো৷
সেয়েহে সুৰাপাণ কৰি গাড়ী নচলাবলৈ সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ আজি পুনৰবাৰ একেধৰণে সকিয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়ঃ ‘সুৰাপাণ কৰি গাড়ী চলালেই আৰক্ষী থানাৰ আলহী হ’ব লাগিব৷ সেয়ে কোনো যুৱক তথা সাধাৰণ ব্যক্তিয়ে যাতে ভুলতো মদ্যপান কৰি ঘূৰা-ফুৰা নকৰে৷ যদিহে কোনোৱে সুৰাপাণ কৰি মতলীয়া হৈ গাড়ী চলায় তেনেহ’লে আৰক্ষীৰ বৰঘৰত সোমাব লাগিব৷
মন কৰিবলগীয়া যে, যোৱা সময়ছোৱাত ৩১ ডিচেম্বৰ অথবা পহিলা জানুৱাৰীৰ দিনা নৱবৰ্ষৰ উদ্যাপনৰ নামত সুৰাৰ ৰাগীত উটি-ভাহি বহু যুৱকে অকাল মৃত্যুক সাৱটি লৈছিল৷ এইবাৰ যাতে তেনে শোকাৱহ ঘটনা পুনৰাবৃত্তি নহয়, সেয়ে প্ৰতিনিয়ত সষ্টম হৈ থাকিব অসম আৰক্ষী, যাতে এজন ব্যক্তিও অনাকাংক্ষিত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটিব লগীয়া নহয়। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ বা অংগীকাৰক জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে মহলে ভূয়সী প্ৰশংসা কৰিছে। প্ৰসংগত যে, কিছু কিছু ক্ষেত্ৰত মূখ্যমন্ত্ৰী গৰাকীৰ ব্যৰ্থতাৰ চৰ্চা চলিলেও, সমাজ সমাজ সংস্কাৰৰ ক্ষেত্ৰত কিন্তু তেওঁ প্ৰসংশাৰ পাত্ৰ। প্ৰাণঘাটি ড্ৰাগছ নিৰ্মূলকে ধৰি চুৰি-ডকাইতি, জুৱা খেল, ঘোচ খোৱা, দালালী আদি অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰা দেখা গৈছে।
ৰাজ্যৰ আৰক্ষী প্ৰশাসনক সম্পুৰ্ণ কৃৰ্তিত্ব, স্বতন্ত্ৰতা তথা ব্যপক ক্ষমতা প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাজৰ আমোল পৰিৱৰ্তন কৰিব বিচাৰিছে। যদিওঁ তেওঁ এতিয়াওঁ সম্পুৰ্ণৰূপে সফলতা লাভ কৰিব পৰা নাই। সৰ্বসাধাৰণৰ লগতে কাৰ্য পালিকাই সহায়, সঁহাৰি জনালে এনে বৃহৎ আৰু কঠিন কাম কৰা চৰকাৰৰ পক্ষে সম্ভৱ নহয়। কিন্তু চৰকাৰ-প্ৰশাসনৰ আন্তৰিকতা থাকিলে অৱশ্যেই এদিন সফলতা আজুৰি আনিবলৈ সক্ষম হ'ৱ তেওঁ।
নকলেওঁ হয় যে, আজিও জাগীৰোডকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাজ বিৰোধী পাপ কাৰ্যসমূহ চলিয়েই আছে, এনে সমাজ বিৰোধী কাৰ্য্যকলাপ ৰোধ কৰিবলৈ প্ৰতি মূহুৰ্ততত চৰকাৰ-প্ৰশাসন সষ্টম হৈ থাকিব লাগিব আৰু চৰকাৰ-প্ৰশাসনৰ হাত মজবুত কৰিবলৈ সমাজৰ সৰ্বস্তৰৰ নাগৰিকৰ সঁহাৰি, সহযোগীতা আগবঢ়াবলৈ আগবাঢ়ি আহিব লাগিব।—
জুলহাছ আলী আহমেদজা, গীৰোড, মৰিগাঁও (অসম)
0 Comments