লক্ষীপুৰৰ ট্ৰাক চালকক মেঘালয়ৰ দামালত অপহৰণ: পাচ দিনে নাই আজমলৰ সুংসূত্ৰ: নিৰ্লিপ্ত ভূমিকা মেঘালয় আৰক্ষীৰ:
মতিউৰ ৰহমান, লক্ষীপুৰ- গোৱালপাৰা জিলাৰ লক্ষীপুৰ কলাবাৰীৰ ট্ৰাক চালক এগৰাকীক মেঘালয়ৰ দামালত দূৰ্বৃত্তই অপহৰণ কৰা কান্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জনা মতে লক্ষীপুৰ থানাৰ অন্তৰ্গত গৌৰনগৰ কলাবাৰীৰ ওমৰ আলীৰ পুত্ৰ আফজাল আলীয়ে (৪০) যোৱা ২০/১২/২০২১ তাৰিখত শিমলাবাৰীৰ লোকমান আলী নামৰ ব্যাক্তি এগৰাকীৰ ট্ৰাক এখন লৈ মেঘালয় লৈ সামগ্ৰী আনিবলৈ গৈছিল।
আফজাল আলীয়ে এম এল-১৩- ২৭৬৩ নম্বৰৰ ট্ৰাক খনেৰে সামগ্ৰী কঢ়িয়াই অনাৰ সময়ত দামাল নামৰ নিৰ্জন ঠাইত এটা ৫/৬ জনীয়া অজ্ঞাত দূৰ্বৃত্তৰ দল এটাই পথ আগুছি ধৰি ট্ৰাক খনক ৰখায়। পিছত দূৰ্বৃত্তৰ দলটো চালক আফজাল আলীক গাড়ীৰ পৰা টানি নমাই উধাই মুধাই ভূকিয়াবলৈ ধৰে। সেই সুযোগতে ট্ৰাকত থকা দুটা শ্ৰমিক সাহাবুদ্দিন আৰু ইউচুফ আলী গাড়ীৰ পৰা নামি পলাই যাবলৈ সক্ষম হয়।
এই সন্দৰ্ভত যোৱা ২১ ডিচেম্বৰত ট্ৰাকৰ মালিক লোকমান আলীয়ে দামাল থানাত এটি গোচৰ ৰুজু কৰিছে । কিন্তু মেঘালয় আৰক্ষীয়ে আজিলৈ আফজাল আলীৰ কোনো ধৰণৰ সুংসূত্ৰ উলিয়াব পৰা নাই। ইপিনে দৰিদ্ৰ পৰিয়ালৰ সদস্য সকলে অতি শীঘ্ৰেই বিনা চৰ্তত আফজালক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে। লগতে মেঘালয় আৰু অসম চৰকাৰক বিষয় টোক গুৰুত্ব সহকাৰে লবলৈ আফজালৰ পত্নী আৰু তিনি গৰাকী কণমানি সন্তানে কাতৰ আহ্বান জনাইছে।
0 Comments