আইমী বৰুৱাৰ মহানুভৱতা...!
আইমী বৰুৱাৰ মহানুভৱতা হাড় কঁপোৱা জাৰত ককবকাই থকা দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰন কৰি মহানুভৱতাৰ পৰিচয়ৰ দাঙি ধৰিলে অভিনেত্ৰী আইমী বৰুৱাই।
জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী পীযূষ হাজৰিকাৰ উদ্যোগত অনুষ্ঠিত কম্বল বিতৰণী সভাত উপস্থিত থাকি আইমী বৰুৱাই ২৫০০ টা পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে।
মৰিগাঁও জিলাৰ অত্যন্ত পিছপৰা অঞ্চল নেলীত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ মাজত কম্বল বিতৰণ কৰি অভিনেত্ৰী আইমী বৰুৱাই কয়ঃ মই পূৰ্বতেও কৈ আহিছো যে, জাগীৰোডৰ প্ৰতিগৰাকী ব্যক্তিয়েই আমাৰ পৰিয়ালৰ সদস্য।
সেয়েহে সুখে-দুখে সদায় তেখেতসকলৰ কাষত থাকিবলৈ যত্ন কৰোঁ। তেওঁলোকেও নিজৰ নিজৰ সমস্যা সমূহ আমাক অতি আন্তৰিকতাৰ সহিতে ব্যক্ত কৰি আহিছে। আমাৰ মাজত থকা এই অতুলনীয় স্নেহ খিনিৰ বাবেই সৰ্বসাধাৰণৰ সেৱা কৰিবলৈ উৎসাহ পাওঁ। মৰিগাঁও জিলাৰ জাগীৰোডৰ গোপাল কৃষ্ণ চাহ বাগিচাত ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰায় ২৫০০ লোকক একোখনকৈ কম্বল বিতৰণ কৰি এই দৰে কয়ঃ ৰাজ্যৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।
মন্ত্ৰী পীযূষ হাজৰিকাৰ সহধৰ্মিনী আইমী বৰুৱাই কম্বল বিতৰণৰ শেষত সেই স্থানতেই অনুষ্ঠিত এক অনুষ্ঠানত বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ সৈতে কিছু সময় মত-বিনিময়ো কৰে। আচলতে এইয়াই ধৰ্ম আৰু এয়াই হৈছে মানৱতা। জাতি-ধৰ্ম নিৰ্বিশেষে সৰ্বস্তৰৰ মানুহৰ সেৱা কৰি যিমান আনন্দ পোৱা যায় সেয়া আন কতো পোৱা নাযায়। সেই কাৰণেই চাগে প্ৰয়াত ভূপেন দাই তেওঁৰ গীতৰ ভাষাত আওৰাই গৈছিল 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে'।
হয়, পৰমাত্মা পৰমেশ্বৰে মানুহক মানুহৰ বাবেই সৃষ্টি কৰিছে। গতিকে জীৱশ্ৰেষ্ঠ মানুহৰ উচিত ধৰ্ম, জাত-পাতৰ ভেদভাৱ নাৰাখি সৰ্বস্তৰৰ মানুহৰ সেৱাত ব্ৰতী হোৱা। কাৰণ ইয়াত শান্তি, তৃপ্তি আৰু স্বৰ্গীয় সুখানুভূতি অনুভৱ হয়।—
* জুলহাছ আলী আহমেদ
* জাগীৰোড, মৰিগাঁও (অসম)
0 Comments