বিশেষ প্ৰতিবেদন......!
আমাৰ সভ্যতা-সংস্কৃতিৰ সমাজখনৰ পৰা ক্ৰমান্বয়ে সামাজিক শৃংখলা হ্ৰাস পাবলৈ ধৰিছে। ধৰ্মীয়, সামাজিক, ৰাজনৈতিক তথা মামৱীয় মূল্যবোধ নোহোৱা হ'বলৈ ধৰিছ। নৈতিকতাৰ স্খলন ঘটা দেখা গৈছে। মানুহৰ হৃদয়ৰ পৰা মানৱীয় গুণ নোহোৱা হৈ আছে।আহমেদ
সমাজৰ পৰা যদি মানৱতাই নোহোৱা হৈ যায়, তেন্তে সমাজত বিশৃংখলতাই গা কৰি উঠিব আৰু অৰাজকতা ছানি ধৰিব। সম্প্ৰতি সমাজৰ পৰা পাৰস্পৰিক সম্পৰ্ক, বিশ্বাস, তথা প্ৰেম-ভালপোৱা, সমন্বয়, সম্প্ৰীতি আদিৰ বিলুপ্তি ঘটা পৰিলক্ষিত লৈছে। গতিকে সময় থাকোতেই আমি সজাগ-সচেতন হ'ব লাগিব। সামাজিক দায়বদ্ধতাক সৰোগত কৰি আধ্যাত্মিক আৰু সামাজিক জ্ঞানেৰে সৰ্বস্তৰৰ জনগণক ধাৰ্মিক কৰি তুলিব লাগিব।
সমাজত ধৰ্ম তথা মহাপুৰুষসকলৰ ভাল ভাল কথা প্ৰচাৰ লাগিব। এনে কৰিলে অৱশ্যেই এদিন ধৰ্মৰ জ্ঞানেৰে পুষ্ট হৈ দেশ তথা ৰাজ্যৰ সৰ্বস্তৰৰ মানুহে সকলো ধৰণৰ অধৰ্মী, অমানৱীয় তথা অসামাজিক পাম কৰ্মসমূহ পৰিত্যাগ কৰি এখন সুন্দৰ, সুশৃংখল, শান্তিপূৰ্ণ, সমৃদ্ধিশালী তথা সম্প্ৰীতিৰ সমাজ তথা ৰাষ্ট্ৰ গঠনত মনোনিবেশ কৰিব। তদুপৰি আমি যদি মহাপুৰুষ তথা মহান মনিষী সকলৰ মহৎ বাণীবোৰ ব্যক্তিগতভাবে জাপি লৈ পকৃতৰূপত দৈনন্দিন জীৱন যাত্ৰাত ব্যৱহাৰ কৰো, তেতিয়া সেয়া নিসন্দেহে ধৰ্ম হৈ পৰিব।
মহাপুৰুষ তথা মহান ঋষি মুনিসকৰ পৱিত্ৰ বাণী আৰু তেওঁলোকৰ সৃষ্টিৰাজিৰ মুকলি চৰ্চা হয় কেৱল ধৰ্মীয় অনুষ্ঠানবোত। ধৰ্ম তথা ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত ভক্তি আৰু আধ্যাত্মিকতাৰ ৰসেৰে মানৱ সমাজক একত্ৰিত কৰে আৰু শান্তি ও মৈত্ৰীৰ বাৰ্তা বিলায়। সেয়ে সকলোৱে নিজৰ নিজৰ অঞ্চলত একোখনকৈ ধৰ্মমূলক অনুষ্ঠান বা ধৰ্মসভা অনুষ্ঠিত কৰা উচিত। সম্প্ৰতি সত্যৰঞ্জন বৰা নামৰ এগৰাকী অতি ধৰ্মান্ধ লোকে অসমত হিন্দু চেতনা জাগৰণ মঞ্চ জন্ম দি হিন্দুসকলৰ মাজত চেতনা আনিবলৈ বা জাগৰণ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি থকা দেখা গৈছে। ভাল কথা।
আমি ভাল পাইছোঁ। লগতে তেওঁক আন্তৰিক অভিনন্দন জনাইছো। আচলতে ধৰ্মৰ জ্ঞান বিলাবই লাগে। যিসকল মানুহৰ ধৰ্মীয় জ্ঞান নাই, যিসকল মানুহৰ হিন্দু-হিন্দুত্বৰ ধ্যান-ধাৰণা বা সাম্য জ্ঞান নাই, তেওঁলোকৰ মাজত প্ৰকৃত ধৰ্মৰ জ্ঞান বিলোৱাটো নিসন্দেহে পূন্যৰ কাম। পিছে কেৱল হিন্দুসকলৰ মাজতে ধৰ্মচৰ্চাৰ সীমাবদ্ধতা নাৰাখি অনা হিন্দুসকলৰ মাজতো সনাতন ধৰ্মৰ ব্যাপক প্ৰচাৰ কৰিব লাগে। আজি খ্ৰীষ্টান সকলে বিশ্বজুৰি তেওঁলোকৰ ধৰ্মৰ সম্প্ৰসাৰণ ঘটাই আছে। অনুৰূপ ধৰনে মুছলমান সকলেওঁ তবলিগ জামাতৰ জৰিয়তে নিজৰ ধৰ্মটোক জীয়াই ৰাখিবলৈ আৰু বিশ্বব্যাপী বিস্তাৰ কৰিবলৈ চেষ্টা কৰি গৈছে।
ঠিক সেইদৰে হিন্দু সকলেও নিজৰ ধৰ্মৰ সম্প্ৰসাৰণ ঘটোৱা উচিত। কিন্তু সেয়া হ'ব লাগিব প্ৰেম-ভালপোৱা, বিশ্বাস আৰু সদাচৰণৰ দ্বাৰা। আজি যি দেখা গৈছে, সত্যৰঞ্জন বৰাহতে আন ধৰ্মক ঘৃণা, নিন্দা, সমালোচনা তথা হেয় প্ৰতিপন্ন কৰি উগ্ৰতা আৰু গোড়ামিৰে হিন্দু-হিন্দুত্বৰ জাগৰণ বা চেতনা আনিব বিচাৰিছে, যিটো কেতিয়াওঁ সনাতনীৰ পৰিপন্থী নহয়, বৰঞ্চ ইয়াৰ বাবে সমাজত অসহিষ্ণুতাই গা কৰি উঠিব।
আনকি নিজ ধৰ্মতেই বিভেদ, বিসম্বাদৰ সৃষ্টি হ'ব। আচলতে ধৰ্মৰ প্ৰচাৰ এনেকুৱা ভাবে নহয়। যদি তেওঁ প্ৰকৃততে সনাতন ধৰ্মৰ ব্যাপক প্ৰচাৰ আৰু উত্তৰণ বিচাৰিছে তেন্তে হিন্দু ধৰ্মৰ ঋষি মুনিসকৰ আদৰ্শ আৰু বসুধৈব কুটুম্বকম নীতিক অনুসৰণ কৰি আগবঢ়া উচিত। ইয়াৰ দ্বাৰা কাকো নীতি শিক্ষা দিব বিচৰা হোৱা নাই যদিও সাম্প্ৰতিক পৰিবেশ-পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি এই প্ৰতিবেদন যুগুত কৰা হৈছে।—
*_জুলহাছ আলী আহমেদ_*
*_জাগীৰোড, মৰিগাঁও (অসম)_*
*_মবাইলঃ ৯৭০৬৬-৬৬১৯২_*
0 Comments