কাকনো বুলিম ককা সকলোৰে দাৰি-চুলি পকা....!

 কাকনো বুলিম ককা সকলোৰে দাৰি-চুলি পকা..! 



মুছলমান সম্প্ৰদায়ৰ একাংশ স্বাৰ্থপৰ লোকে ভাৱে যে, বিজেপি নেতৃত্বাধীন চৰকাৰখন পৰাভুত হলেই কিজানি বৰ্তমান আৰু ভৱিষ্যতে উদ্ভ হ'ব পৰা মুছলমানৰ সকলোধৰণৰ সমস্যাৰেই স্থায়ী সমাধান হ'ব।  বিজেপি দল সাম্প্ৰদায়িক তথা মুছলিম বিদ্বেষী।

এনে বৈষম্যতাবাদী দলৰ নেতৃত্বাধীন চৰকাৰৰ অধীনত মুছলমানসকল কেতিয়াওঁ মানসিকভাৱে সুস্থ নহয়, থাকিব নোৱাৰে। পিছে কাকনো বুলিম ককা সকলোৰে দাঢ়ি চুলি পকা। দেশে স্বাধীনতা লাভ কৰাৰ পিছত সৰহভাগ সময় কংগ্ৰেছ দলে শাসন কৰাৰ বিপৰীতে বিজেপি দলে এতিয়াওঁ কুৰি বছৰ শাসন কৰিব পৰা নাই। এই সময়ছোৱাত দুই-চাৰিটা ঘটনাৰ বাদে মুছলমান সকলৰ ওপৰত তেনেকুৱা কোনো ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ নজিৰ নাই।

যদিওঁ দুই-এটা ঘটনা সংঘটিত হৈছে তাৰ উচিত তদন্ত কৰি দোশীক উপযুক্ত শাস্তি প্ৰদান কৰিছে। উদাহৰণ স্বৰূপে ক'ব পাৰি যে দৰং জিলাৰ এজন বিশেষ সম্প্ৰদায়ৰ লোকক আৰক্ষীয়ে হত্যা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতেই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে উক্ত বিষয়া জনক চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে কাৰাগাৰলৈও প্ৰেৰণ কৰিছিল, এনেকুৱা অনেক দৃষ্টান্ত আছে। পক্ষান্তৰে, কংগ্ৰেছ দলৰ চৰকাৰ থকা অৱস্থাত একেখন জিলাৰ বেচিমাৰিৰ হত্যা কাণ্ডৰ পৰা আৰম্ভ কৰি নাৰায়ণগুৰি লৈকে অসমত প্ৰায় ১২/১৩ টা হত্যাকাণ্ড সংঘটিত হৈছিল যত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰায় শতাধিক লোক হত্যাৰ বলি হৈছিল।

কিন্তু কোনো এজন অপৰাধী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰি কোনোবা এজনক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল নে? কোনোবাই ক'ব পাৰিব নেকি যে, আজিলৈকে কোনো এজন অপৰাধীৰ বিচাৰ হৈছে বুলি? বাবৰি মছজিদ কাৰ দিনত শ্বহীদ কৰা হৈছিল? কোনখন চৰকাৰৰ আমোলত ৮৩ৰ আন্দোলন সংগঠিত হৈছিল? বিটিএডিৰ গোষ্ঠী সংঘৰ্ষ হোৱাৰ সময়ত কোন দলৰ চৰকাৰ আছিল এইবোৰ নকলেও সকলোৱে জানে, যদিও "জান তৰে কহিনা"।

ইয়াৰ পৰা প্ৰতিয়মান হয় যে বিজেপিতকৈ কংগ্ৰেছ দলো কম সাম্প্ৰদায়িক নহয়, মূলতে কাকনো বুলিম ককা সকলোৰে দাৰি-চুলি পকা।—_

*_জুলহাছ আলী আহমেদ_*

*_জাগীৰোড, মৰিগাঁও (অসম)_*

*_মবাইলঃ ৯৭০৬৬-৬৬১৯২_*

Post a Comment

0 Comments