উত্তৰপ্ৰদেশ হবলৈ গৈ আছে নেকি অসম...?

 উত্তৰপ্ৰদেশ হবলৈ গৈ আছে নেকি অসম...?

উত্তৰপ্ৰদেশ হবলৈ গৈ আছে নেকি অসম...? তাৰেই যেন আভাষ দি গ'ল যোৰহাট কাণ্ডই। এগৰাকী উঠি অহা সম্ভাৱনাময় যুৱকক দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা কৰা হল যোৰহাটত। সঘনাই সংগঠিত হৈ থকা উত্তৰপ্ৰদেশ কাণ্ডৰ দৰেই যোৰহাটৰ মাজমজিয়াত এদল উন্মত্ত মানুহৰূপী দানৱে অতি নৃশংসভাৱে হত্যা কৰে অনিমেষ ভূঞা নামৰ এজন উদিয়মান যুৱকক।

সোমবাৰে মানৱ সমাজক লজ্জানত কৰা যোৰহাট কাণ্ডই আকৌ এবাৰ উত্তৰপ্ৰদেশৰ কথা মনত পেলাই দিলে। যোৰহাট ট্ৰাক ষ্টেণ্ডৰ সমীপত এদল উদ্ভণ্ড লোকে মিলি কেনেকৈ পাৰিলে ছাত্র নেতা অনিমেষ ভূঞাক অতি নিৰ্দয় আৰু নিৰ্মমভাৱে হত্যা কৰিবলৈ? মানুহ কিমান উন্মত্ত, পাষণ্ড, পাপিষ্ঠ তথা অধৰ্মী হলে এনেকৈ দিন দুপৰতে তাকো নগৰৰ মাজ মজিয়াত দলবদ্ধভাৱে আক্ৰমণ কৰি আনৰ জীৱনবন্তি নিৰ্বাপিত কৰিব পাৰে? যিসক নৰপিশাচে সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক এইখন পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় দিলে প্ৰকৃতাৰ্থত সিহঁত ক্ষমাৰ যোগ্য নহয়।

তেওঁলোক নিপাত যাওক, ধ্বংস হওঁক, বৰ্বাদ হৈ যাওক, অন্যথা ইহঁতে আৰু অনেক মাতৃৰ বুকু সুদা কৰিব। আচলতে হত্যাকাৰী, ধৰ্ষণকাৰী আৰু ড্ৰাগছ বেপাৰীসকলক কদাপি মাৰ্জ্জনাৰ চকুৰে চাব নালাগে। ইহঁতৰ দৰে কাল পিটক দৃষ্টান্তমূলক শাস্তিৰে সমাজত নজিৰ সৃষ্টি কৰিব লাগে।

এইখিনিতে উল্লেখনীয় বিষয়টো হৈছে, যোৰহাট কাণ্ডৰ লগত জড়িত ১৩ জন অপৰাধীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইফালে মঙলবাৰে পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অনিমেষৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। ফাষ্টট্ৰেক আদালতৰ জৰিয়তে এই গোচৰ বিচাৰ প্ৰক্ৰিয়া চলোৱা হব বুলি মুখ্যমন্ত্ৰীৰ হৈ ঘোষণা কৰে তেওঁ। আনহাতে ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰসংগত উল্লেখ্য যে, যোৰহাটৰ কাণ্ডকলৈ মুখ্যমন্ত্ৰীৰ তৎপৰতা যদিওঁ শলাগনীয় তথাপি কওঁ অনিমেষ ভূঞাৰ হত্যাই শেষ হত্যা হওঁক।

অসমৰ পৰা চিৰতৰে হিংসা, ধৰ্ষণ, হত্যাকে আদি কৰি সকলো ধৰণৰ অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ফলপ্ৰসু নীতি বা আইন প্ৰণয়ন কৰক। সম্প্ৰতি ভাল লগা কথাটো হৈছে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহুখিনি অপৰাধ-অপকৰ্ম তথা সমাজ বিৰোধী কাৰ্য্যকলাপ কমাই আনিবলৈ সক্ষম হৈছে যদিওঁ এতিয়াওঁ অনেক বাকি আছে।—

*_জুলহাছ আলী আহমেদ_*

*_আলোচনী সম্পাদক_*

*_সাংবাদিক পৰিষদ, অসম (JCA)_* 

*_জাগীৰোড, মৰিগাঁও (অসম)_*

*_মবাইলঃ ৯৭০৬৬-৬৬১৯২_*

Post a Comment

0 Comments