লক্ষীপুৰত সৰ্বদলীয় বিধায়িনী দলৰ বৈঠক:
বিধায়ক সকলে প্ৰত্যক্ষ কৰিলে বানপানী আৰু জনসংখ্যা: সমস্যাক লৈ দল সংগঠনৰ স্মাৰক:
Republicassam, Nur Amin, Chunari
৩০ নভেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মাৰ নিৰ্দেশত সৰ্বদলীয় বিধায়িনী দলৰ সদস্য সকলে আজি গোৱালপাৰা জিলাৰ লক্ষীপুৰত উপস্থিত হৈ গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ সমষ্টিবাসীৰ সমস্যাৰ বুজ লয়। বিধায়িনী দলৰ হৈ লক্ষীপুৰত উপস্থিত হয় জেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকাই, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক বসন্ত দাস, প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ, বিধায়ক আব্দুৰ ৰচিদ মন্ডল, বিধায়ক আমিনুল ইচলাম, বিধায়ক আফতাব উদ্দিন মোল্লা প্ৰমূখ্যে বিধায়ক সকল।
বিধায়ক সকলে লক্ষীপুৰত অনুষ্ঠিত সভাত কয় যে উজনি অসমৰ আৰ্থ সামাজিক অৱস্থাৰ লগত নামনি অসমৰ মিল নাই। উজনিৰ আৰ্থিক অৱস্থা, শিক্ষা, স্বাস্থ্য, কৃষি আদিত উন্নত। কিন্তু নামনিত গৰাখহনীয়াৰ সমস্যা থকাৰ লগতে জনসংখ্যা বৃদ্ধিৰ বাবে নামনি অসম অনুন্নত বুলি দোহাৰে। তাৰোপৰি নামনি অসমত উজনিৰ টেট শিক্ষয়িত্ৰীক শ্লীলতা হানি আৰু নামনিৰ মানুহে চৰকাৰী ভূমি সদায় বেদখল কৰি থকা বুলি যি ধাৰণা আছিল সেইয়াও ভূৱা বুলি আজিৰ সভাত প্ৰতিপন্ন হয়। বিধায়ক আমিনুল ইচলামে এনে ধৰনৰ ভুল ধাৰণা সমূহ আতৰ কৰি অসমৰ
জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এক অসমৰ উন্নতিৰ হকে কাম কৰি যাব লাগিব বুলি কয় ।বিধায়ক ৰচিদ মন্ডলে লক্ষীপুৰ অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ বিষয়ে দাঙি ধৰাৰ লগতে লক্ষীপুৰক শীঘ্ৰেই মহকুমা ঘোষণা কৰাৰ প্ৰয়োজন আছে বুলি সদনক অৱগত কৰে। জলেশ্বৰত এটা বাট পথো চলাচলৰ উপযোগী নহয় বুলি বিধায়ক আফতাব উদ্দিন মোল্লাই আক্ষেপ কৰে। উজনিৰ বিধায়ক সকলে সভা খনত কৃষি, শিক্ষা, স্বাস্থ্য, বাট পথৰ অৱস্থাৰ বিষয়ে বিতং নকলে যদিও জনসাধাৰণৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহৰ বিষয়ে অৱগত হয়।
সভাত মতিউৰ ৰহমানকে ধৰি বহু কেইটা দল সংগঠনে বানপানী-গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ, মহাবিদ্যালয় স্থাপন, বাট পথ নিৰ্মাণ, কৃষিৰ উন্নতি, স্বাস্থ্য সেৱা, লক্ষীপুৰক মহকুমা বাস্তৱত ৰূপায়ন কৰণ আদি বিষয় লৈ সভাৰ সভাপতি বিধায়ক প্ৰদীপ হাজৰিকা লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মীৰ্জা মান্নাফ, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ খন্দকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অন্জলিমা ব্ৰহ্ম প্ৰমূখ্যে গন্য-মান্য ব্যাক্তি সকলে চমু বক্তব্য আগবঢ়ায়।
0 Comments