Home Republicassam তুমি যদি মুছলমান....!
তুমি যদি মুছলমান....!
তুমি যদি মুছলমান....! তুমি যদি মুছলমান তেন্তে ইছলামৰ নীতি, ক্বোৰআনৰ বিধান আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ কালজয়ী আদৰ্শ মানি চলিবই লাগিব। সম্প্ৰতি যি দেখা গৈছে অধিকাংশ মুছলমানেই ইছলাম ধৰ্মৰ পৰিপন্থী কামসমূহ কৰি গৈছে। পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত ইছলামৰ কোনো এটা স্তম্ভকেই আন্তৰিকতাৰ সহিতে আকোঁৱালি লৈ তাৰ ওপৰত অটল-অবিচল থকা মুছলমানৰ সংখ্যা তেনেই নগন্য। সৰহসংখ্যক মুছলমানেই আজি ইছলামৰ পৰা বহু দূৰৈত অৱস্থান কৰা দেখা গৈছে। যাৰ কাৰণে আজি মুছলমানসকল পদে পদে লাঞ্ছিত, বঞ্চিত, অপমানিত, অৱহেলিত, পদদলিত, নিপীড়িত আৰু অবিশ্বাসৰ পাত্ৰ হৈ পৰিছে। দহ হাজাৰ বছৰীয়া পুৰণি বিশ্বৰ প্ৰাচীনতম ধৰ্মক চেৰ পেলাই যি ইছলামে কেৱলমাত্ৰ ডেৰ হাজাৰ বছৰতে অগ্ৰগতিৰ উচ্চ শিখৰত আৰোহণ কৰিছিল আজি সেই ইছলামৰ গতিধাৰা স্তব্ধ, তাৰ কাৰণ এটাই সেইটো হৈছে ধৰ্মৰ পৰা বিচ্যুতি। এতিয়াও সময় আছে বিশ্বৰ মুছলমানসকলে যদি ইছলামক পৰিপূৰ্ণভাৱে মজবুত কৰি ধৰি লৈ ইছলামৰ মত আৰু পথত চলা আৰম্ভ কৰি দিয়ে তেন্তে নিশ্চিতভাৱে গোটেই বিশ্বজুৰি শান্তি, সম্প্ৰীতি আৰু উন্নতিৰ ধাৰা প্ৰবাহিত হ'ব। অন্যথা অনাগত দিনত ইছলাম, মুছলমানৰ অৱস্থা ইয়াতকৈও কাহিল হ'ব।_ উল্লেখ্য যে, ইছলামৰ পাচঁ স্তম্ভৰ ভিতৰত প্ৰধান স্তম্ভটোৱেই হৈছে কলিমা কিন্তু সেই কলিমাৰ মতত কেইজন মুছলমানে চলিবলৈ যত্ন কৰে? কলিমাৰ দ্বাৰা আল্লাহৰ একত্ববাদত বিশ্বাস অর্থাৎ কেৱলমাত্ৰ এজন ঈশ্বৰৰ প্রতি বিশ্বাস। এই ধাৰণাত বিশ্বাসীসকল মহান সৃষ্টিকর্তা, লালনকর্তা, পালনকর্তা অথবা সংহাৰকর্তা হিচাবে এক সত্ত্বাত বিশ্বাস আৰু তাৰ হুকুম-আহকাম পালন কৰা তথা আৰাধনা বা উপাসনা কৰা বুজায়। কালেমা ইছলামৰ মৌলিক বিশ্বাস সংবলিত কেইবাটা আৰবী পংক্তিৰ নাম। ইয়াৰ যোগেদিয়েই ইছলামৰ প্রথম স্তম্ভ শাহাদাহ্ পূর্ণতা পায়। বাকী কেইটা স্তম্ভৰ কথা নকলোৱেই যেনিবা, নামাজৰ দৰে এটা গুৰুত্বপূৰ্ণ স্তম্ভকো আজিৰ মুছলমানে এৰাই চলিছে। মহানবী হজৰত মহম্মদ (ছঃ)ৰ উদ্দেশ্যে পৱিত্ৰ ক্বোৰআন শ্বৰীফত মহান আল্লাহু তালাই কৈছেঃ তোমাৰ পৰিয়ালবৰ্গক নামাজ পঢ়াৰ আদেশ দিয়া আৰু তুমি নিজেও নামাজত অবিচল থাকিবা। মই (আল্লাহ) তোমাৰ পৰা কোনো ৰিজিক (জীৱন নিৰ্বাহৰ সামগ্ৰী) নিবিচাৰো। মইহে (আল্লাহ) তোমাক ৰিজিক অৰ্থাৎ জীৱনসামগ্ৰী দান কৰো আৰু শুভ প্ৰতিদান সৎকৰ্মপৰায়ণতাৰ বাবেহে আছে।—(আল ক্বোৰআন ২০:১৩২)।_ প্ৰণিধানযোগ্য যে, ইছলামধৰ্মী মুছলমান সকলৰ বাবে দিনত পাঁচবাৰ নামাজ পঢ়াটো বাধ্যতামূলক কৰা হৈছে কিয়নো নামাজে অন্যায়/ অত্যাচাৰ/ অনাচাৰ/ ব্যভিচাৰ/ দুৰ্নীতি/ ভ্ৰষ্টাচাৰ/ অপহৰণ/ ধৰ্ষণ/ হত্যা/ চুৰি/ ডকাইতি/ জুৱা খেল/ মদ্যপান/ ড্ৰাগছ সেৱনকে ধৰি অসামাজিক পাপ কাৰ্যৰ পৰা বিৰত ৰাখে, তাৰোপৰি হিংসা-বিদ্বেষ/ জাতিগত বৈষম্য/ উচ্চ-নীচৰ ভেদাভেদ/ ঈৰ্ষা/ অহংকাৰ/ পৰনিন্দা/ পৰচৰ্চা আদি বিদূৰিত কৰি মানুহৰ মাজত একতা/ বিশ্বাস/ প্ৰেম/ ভালপোৱা বৃদ্ধি কৰাৰ লগতে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ বিৰোধী কৰ্মকাণ্ডৰ পৰাওঁ মানুহক আতৰাই ৰাখে। তেনেস্থলত কোনো মুছলমানেই লগৰীয়া-সমনীয়া বন্ধু-বান্ধৱৰ পাকত পৰি নামাজৰ দৰে গুৰুত্বপূৰ্ণ ইবাদৎ (প্ৰাৰ্থনা) কেতিয়াও ত্যাগ কৰা উচিত নহয়। সকলো সময়তে স্মৰণ কৰিব লাগিব যে, আমি মাতৃ গৰ্ভৰ পৰা যেনেকৈ অকলে জন্মগ্ৰহণ কৰে ঠিক সেইদৰেই এই মায়াবী ধৰাৰ বুকুৰ পৰাওঁ অকলেই বিদায় মাগিব। সৰ্বশেষ ঠিকনা কবৰতো অকলে যাব লাগিব আৰু কিয়ামত (শেষ বিচাৰ)ৰ দিনা অকলেই আল্লাহ ৰাব্বুল আলামিনৰ প্ৰশ্নৰ সন্মুখীন অৰ্থাৎ নামাজ ত্যাগ আৰু অৰ্জিত পাপৰ বাবে ৰাজাধিৰাজৰ ওচৰত জবাবদিহি হ'ব লাগিব। গতিকে লগৰীয়া বন্ধু-বান্ধৱৰ পাকচক্ৰত পৰি কেতিয়াও নিজৰ দ্বীন (ধৰ্ম)ক একাকাৰ বা গুৰুত্বহীন কৰি পাপ কৰ্মত জপিয়াই পৰাটো সৰ্বনাশৰ বাহিৰে আন একো নহয়। এনে কৰিলে নিজৰ ভৰিত নিজেই কুঠাৰঘাত কৰাৰ দৰে হ'ব। মনত ৰাখিব লাগিব যে, লগৰীয়া বন্ধু-বান্ধৱে কেতিয়াও আমাক জাহান্নামৰ সেই কঠিন শাস্তি (নৰক যন্ত্ৰণা)ৰ পৰা ৰক্ষা কৰিবলৈ নাহে বা কৰিবও নোৱাৰে।– জুলহাছ আলী আহমেদ_ জাগীৰোড, মৰিগাঁও (অসম)_ ম'বাইলঃ ৯৭০৬৬-৬৬১৯২_
0 Comments