লক্ষীপুৰ নভেল একাডেমীত নৱাগত আদৰণি সভা

 লক্ষীপুৰ নভেল একাডেমীত নৱাগত আদৰণি সভা:  সাংস্কৃতিক সন্ধিয়াত নৱাগতৰ মাজত আনন্দ উল্লাস 

নুৰ আমিন, চুনাৰীৰ- এবিপি অসম

গোৱালপাৰা জিলাৰ লক্ষীপুৰস্থিত ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান নভেল একাডেমিত আজি উলহ মালহেৰে নবাগত আদৰণি সভা অনুষ্ঠিত হয়। নৱাগতক আদৰণি উপলক্ষে লক্ষীপুৰ নগৰৰ থানামোড়ত থকা বিদ্যালয় চৌহদত অধ্যক্ষ আব্দুল বাকীৰ সভাপতিত্বত  এখনি সাধাৰণ সভা অনুষ্ঠিত হয়।

সভাত একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পূৰণি শিক্ষাৰ্থী সকলে উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীক উষ্ম আদৰণি জনায়। সভাত বহু কেইগৰাকী শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি গুৰুত্ব পূৰ্ণ উপদেশ আগবঢ়ায়।

মবাইলৰ সদব্যৱহাৰ, অসৎ সংগ ত্যাগ কৰা, নিচা জাতীয় দ্ৰব্যৰ পৰা আতৰত থকা, লক্ষ্যত উপনীত হব পৰাকৈ পঢ়া-শুনা কৰা, সময়ৰ অপচয় নকৰা, শিক্ষক-পিতৃ মাতৃৰ প্ৰতি বাধ্য হোৱা আদি মূল্যৱান  উপদেশ আগবঢ়োৱাৰ লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পঢ়াশুনাই শিক্ষাৰ্থীৰ ভবিষ্যত নিৰ্ভৰ কৰে বুলি ভাষণত কয় ক্ৰমে সমাজ কৰ্মী- সাংবাদিক মতিউৰ ৰহমান।

প্ৰধান শিক্ষক সাহাবুদ্দিন শ্বেইখ, প্ৰাক্তন খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সুভাষ সেন, অধ্যক্ষ  আব্দুল বাকী, আজমল হক, সভাপতি ডঃ খাইৰুল ইচলাম, সম্পাদক ননী গোপাল কৰ্মকাৰ প্ৰমুখ্যে গন্য-মান্য ব্যাক্তি সকলে। আবেলি দুই বজাৰ পৰা নৱাগত ছাত্ৰ ছাত্ৰী, পূৰণি ছাত্ৰ ছাত্ৰী, আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে নৃত্য গীত পৰিবেশন কৰি আনন্দ উল্লাস কৰে।

Post a Comment

0 Comments