সাম্প্ৰতিক সময়ৰ কেইটামান ভাললগা ছবি....!

 সাম্প্ৰতিক সময়ৰ কেইটামান ভাললগা ছবি....!

একাংশই দেশৰ চাৰিওফালে হিংসাৰ বিষবাষ্প বিয়পাই থকাৰ সময়তে এই ছৱি কেইখনে যেন হৃদয়স্পৰ্শী সম্প্ৰীতিৰ গীত আওৰাই গ'ল, 'মোৰ মনত ভেদভাৱ নাই অ আল্লাহ মোৰ মনত হীন পৰ নাই অ আল্লাহ হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান মোৰ মনত একেটি ভাৱ'।

আজি এচাম বিভেদকামী শক্তিয়ে হিন্দু-মুছলমানৰ মাজত থকা যাউতিযুগীয়া সম্প্ৰীতিৰ এনাজৰীডাল চিঙি থানবান কৰিবলৈ উঠি পৰি লাগিছে, তচনচ কৰিব বিচাৰিছে ভাতৃত্ববোধ। পাৰস্পৰিক সম্পৰ্কত অবিশ্বাস, তিক্ততাৰ ভাইৰাছ সুমোৱাই দিব বিচাৰিছে। পৰস্পৰৰ মাজত হিংসা, ঘৃণা তথা বিদ্বেষভাৱ জগাই তুলিব খুজিছে। হিন্দু-মুছলমানৰ মাজত দুৰত্ব বৃদ্ধি কৰিবলৈ সৰ্ব্বতো প্ৰকাৰে ব্যৰ্থ চেষ্টা কৰি গৈছে। সমাজত অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টিৰে ৰাজ্যৰ শান্তিপূৰ্ণ পৰিবেশ কলুষিত কৰিব বিচৰা হৈছে। অতদিনে পৰস্পৰে পৰস্পৰক কুটুম্ব জ্ঞান কৰি অহা সত্বেও আজি ইজনে সিজনক শত্ৰু জ্ঞান কৰিবলৈ দ্বিধাবোধ নকৰা হৈছে।

যিসকল দুৰাচাৰীয়ে হিন্দু-মুছলমানৰ এই সাতামপুৰুষীয়া ভাতৃত্ববোধৰ ৰছিডাল মুহূর্তৰ ভিতৰতে চিঙি থানবান কৰাৰ দিবাস্বপ্ন দেখিছে, সিহঁতে এই ছবি কেইখনলৈ মন কৰা উচিত, ছবি কেইখনত দেখা যোৱা এইকেইজন দুটা ভিন্ন ধৰ্মৰ লোক হোৱা সত্ত্বেও সিহঁত হিন্দু-মুছলমানে মিলি আজিৰ সমাজক দেখুৱাই দিলে ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন, দি গ'ল সম্প্ৰীতিৰ বাৰ্তা।

এওঁলোকক এনেকুৱা অন্তৰংগ মুহুৰ্তত দেখি সচাকৈয়ে অন্তৰ ভৰি পৰিল, সজীব হৈ উঠিল মৃতপ্ৰায় মানুহৰ মনুষ্যত্ব। সাম্প্ৰদায়িক ভাইৰাছৰ দ্বাৰা ইতিমধ্যে বিশাক্ত হৈ পৰা সমাজখনে আশাৰ ৰেঙনি দেখা পাইছে। অনাগত দিনত এখেতসকলৰ মিতিৰালিয়ে ভেকচিনৰ কাম কৰিব বুলি বিশ্বাস কৰিব পাৰি।

হিংসাৰ দাবানল আৰু বিদ্বেষৰ জুইকুৰা উমি উমি জ্বলি থকাৰ মাজতে অতি সাহসীকতাৰে ইজনে সিজনৰ লগত কৰি গৈছে প্ৰেম, ৰাখি গৈছে সুমধুৰ সম্পৰ্ক, দেখুৱাই গৈছে আদৰ্শ।

আচলতে এয়াই হৈছে আমাৰ প্ৰিয় ভাৰতবৰ্ষ। এয়াই হৈছে ভাৰতীয় সভ্যতা-সংস্কৃতি। এয়াই হৈছে ভাৰতীয় সমাজ ব্যৱস্থা আৰু এয়াই হৈছে বৈচিত্ৰৰ মাজত ঐক্যৰ পুণ্যময়ী দেশ।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষ : ৯৭০৬৬-৬৬১৯২

Post a Comment

0 Comments