লক্ষীপুৰৰ চুনাৰীত উলহ মালহেৰে শিশু দিৱস পালন: ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিগোগীতা:

লক্ষীপুৰৰ চুনাৰীত উলহ মালহেৰে শিশু দিৱস পালন: ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিগোগীতা:

নুৰ আমিনৰ, চুনাৰীৰ- এবিপি অসম

       গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চুনাৰীত আজি ছোবাহান কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্দ্যোগত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। জনা মতে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালন সঞ্চালিকা আমিনা ইয়াছমিন, প্ৰশিক্ষক নুৰ আমিন আৰু চুনাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত প্ৰীতম দাসৰ প্ৰচেষ্টাত শিশু দিৱসত ছাত্ৰ ছাত্ৰীৰ  মাজত কম্পিউটাৰ গেম প্ৰতিযোগীতা, কম্পিউটাৰ  টাইপিঙ প্ৰতিযোগীতা, কুইজ প্ৰতিযোগীতা আৰু নৃত্য-গীত প্ৰতিযোগীতা অনুষ্ঠিত হয়। দিনৰ এক বজাৰ পৰা সমাজকৰ্মী-সাংবাদিক মতিউৰ ৰহমানৰ সভাপতিত্বত  মুকলি সভা অনুষ্ঠিত হয় ।

             সভাত শিশু দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক  মুজাম্মেল হুচেইনে। মুকলি সভাত চুনাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত প্ৰীতম দাস, সমাজকৰ্মী মতিউৰ ৰহমান, শিক্ষক আবু আছাদ আহমেদ, শিক্ষক ইমদাদুল ইচলাম, স্থানীয় অভিনেতা শ্বাহী ৰাব্বানী, স্থানীয় মুৰব্বী-গাওঁপ্ৰধান আব্দুছ ছোবাহান, পৰিচালন সঞ্চালিকা আমিনা ইয়াছমিন, প্ৰশিক্ষক নুৰ আমিন প্ৰমুখ্য গণ্যমান্য ব্যাক্তি সকলে ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আদৰ্শ আৰু শিশুৰ প্ৰতি স্নেহ, শিশু এগৰাকীক সু নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিবেশ, শিশুৰ প্ৰতি সমাজৰ কৰণীয় আদি সন্দৰ্ভত ভাষণ আগবঢ়ায়।

           কুইজ প্ৰতিযোগীতাত প্ৰথম স্থান লাভ কৰে জয়ভূম কামাখ্যাবাৰী হাই স্কুল আৰু দ্বিতীয় স্থান লাভ কৰে জয়ভূম ব্ৰহ্মপুত্ৰ একাডেমিৰ ছাত্ৰ ছাত্ৰীৰ সকলে। সভাৰ অন্তত বিজয়ী ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰে মঞ্চত থকা বিশিষ্ট ব্যাক্তি সকলে। ছাত্ৰ ছাত্ৰী সকলে নৃত্য আৰু গীত পৰিবেশন কৰি এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰে।

Post a Comment

0 Comments