গোৱালপাৰাৰ লক্ষীপুৰত লেখিকা শিখা শৰ্মা

গোৱালপাৰাৰ লক্ষীপুৰত লেখিকা শিখা শৰ্মা

গোৱালপাৰাৰ লক্ষীপুৰত লেখিকা শিখা শৰ্মা: গৰাখহনীয়া অঞ্চল পৰিদৰ্শন: মিঞা সকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবী: চৰকাৰক ক্ষুৰধাৰ সমালোচনা:

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাই। আজি গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ আগমূহুৰ্তত নৈপৰীয়া গাও মধুপুৰৰ এখনি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে লেখিকা শিখা শৰ্মা।

সভাত  স্থানীয় কেইগৰাকীমান ব্যাক্তিয়ে কয় যে চুনাৰী, টাকীমাৰী, টাইলাপাৰা, বামুণেৰ আলগা, হজুৱাৰ চৰ, জলেশ্বৰ আদি অঞ্চলত বৰ্তমান প্ৰজন্মৰ পূৰ্বপুৰুষ  সকলে যুগ যুগ ধৰি বসবাস কৰি আছিল কিন্তু গৰাখহনীয়াই এওলোকক অসমৰ বিভিন্ন  স্থান লৈ যাবলৈ বাধ্য কৰাইছে।  সভাত ৰাইজৰ সৈতে মত বিনিময় কৰি শৰ্মাই কয় যে চৰ চাপৰিত বাংলা দেশী নাই। এও লোকৰেই মাটি বাৰীৰ অভাৱ।

কিছূ সংখ্যক  দল সংগঠনে এওলোকক বাংলাদেশী বুলি অভিহিত কৰি আবেগিক হৈ চিঞৰ বাখৰ কৰি আছে। ভাৰতীয় লোক সকলক ডি ভোটাৰ, এন আৰ চি আদিৰ নামতো হাৰাশাস্তি কৰি আছে । ধৰ্মৰ নামত এটা জাতিক হেয় প্ৰতিপন্ন কৰি হাৰাশাস্তি কৰাটো সংবিধান বিৰোধী কাৰ্য বুলি শিখা শৰ্মাই দোহাৰে।

মিঞা সকলক হাৰাশাস্তিৰ পৰা উদ্ধাৰ কৰিবলৈ হলে বিধান সভা আৰু সংসদত সঠিক ভাবে উপস্থাপন কৰিব পৰা উপযুক্ত নেতাৰো প্ৰয়োজন আছে বুলিও শৰ্মাই কয়। শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয আৰু ৰাজ্যিক  চৰকাৰ দুখনক আকাশ লংঘী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য,  ৰাজহুৱা সম্পত্তি, অনুষ্ঠান- প্ৰতিষ্ঠান পুজিপতিৰ হাতত গতাই দিয়া, কৃষক সকলক প্ৰতাৰণা কৰা আদি সন্দৰ্ভত তীব্ৰ  সমালোচনা কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে।

সভাত লগতে  সমাজকৰ্মী হামিদুল হক, ৰফিকুল ইচলাম, শ্বৰিফ আমিন, চুলতান মামুদ প্ৰমুখ্য গণ্যমান্য ব্যাক্তি সকলে ভাষণ আগবঢ়ায়। সভাৰ অন্তত  নাওৰে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় লেখিকা শিখা শৰ্মা।

Post a Comment

0 Comments