মানকাচৰৰ বৰাইৰ আলগা গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতি অভিযোগ

মানকাচৰৰ বৰাইৰ আলগা গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতি অভিযোগ৷ 

সভাপতি সহ পাঁচ জনৰ নামত এজাহাৰ দাখিল৷ আৰক্ষীৰ তদন্ত আৰম্ভ, সভাপতি, সম্পাদক পলাতক৷

Republic Assam ফকিৰগঞ্জৰ, মনোৱাৰ হুছাইনৰ

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগা গাঁও পঞ্চায়তত চৰকাৰী আচনিৰ ধন আত্মসাতৰ অভিযোগ৷ পঞ্চায়ত সভাপতি, তদানীন্তন সচিব, খণ্ড উন্নয়ন বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ট অভিযন্তা আৰু এগৰাকী প্ৰধান শিক্ষকৰ সহ ৫ জনৰ বিৰুদ্ধে সুখচৰ থানাত এজাহাৰ৷ সুখচৰ আৰক্ষীয়ে আৰম্ভ কৰিলে কামৰ তদন্ত৷ পলাতক পঞ্চায়ত সচিব। 

উল্লেখযোগ্য যে বিশেষকৈ জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগা গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভাপতি মোঃ ছয়ফৰ আলীয়ে বিভিন্ন চৰকাৰী বিষয়াক মেনেজ কৰি লাখ লাখ টকাৰ চৰকাৰী আচনিৰ ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতমিধ্যে পঞ্চায়ত খনৰ ভোটাৰ সেখ মহিবুদ্দিন হাবিবুল্ল্যা নামৰ এগৰকী সচেতন ব্যক্তিয়ে পঞ্চায়ত খনত কেবাটাও চৰকাৰী আচনিৰ নামত ভয়াবহ দূৰ্নীতি কৰি চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগত জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে।

 আৰক্ষী অধীক্ষক গৰাকীয়ে তদন্তৰ বাবে সুখচৰ থানাত নিৰ্দেশ দিয়াত সুখচৰ আৰক্ষীয়ে ১৮৬/২১ নম্বৰত গোচৰটো পঞ্জীয়ন কৰি পঞ্চায়ত খনৰ দূৰ্নীতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

এজাহাৰ খনত উল্লেখ কৰা অভিযোগ মতে গাওঁ পঞ্চায়ত খনৰ ২১২৭ নং খাগৰাৰচৰ এল পি স্কুলৰ ওচৰত ২০১৯-২০ বৰ্ষত চতুৰদশ বিত্তী আচনিৰ জৰিয়তে এখন কমিউনিটি গৃহ নিৰ্মাণৰ নামত চৰকাৰে ১০ লাখ টকা আৱণ্টন দিয়ে।

পঞ্চায়ত সভাপতি ছয়ফৰ আলীয়ে ২১২৭ নং এল পি স্কুলৰ পুৰনি গৃহৰ সামগ্ৰী প্ৰধান শিক্ষক আবু ছায়েদ সেখৰ পৰা ক্ৰয় কৰি কমিউনিটি গৃহ খন পুৰনি সামগ্ৰীৰে নিৰ্মাণ কৰি বৃহত ধন আত্মসাত কৰাৰ অভিযোগ এজাহাৰা খনত উল্লেখ কৰা হৈছে। এনেকি একেটা বিত্তীয় বৰ্ষত ১৪ ফাইনেঞ্চ আচনিৰ অধীনত পঞ্চায়তখনত ছোলাৰ লাইট সংস্থাপনৰ বাবে মুঠ ২,১৫,৬২৪ টকা চৰকাৰে মোকলাই দিছে।

কিন্তু পঞ্চায়ত খনত কোনো এখন স্থানতো এটাও ছোলাৰ লাইট সংস্থাপন কৰা হোৱা নাই বুলি এজাহাৰ খনত উল্লেখ কৰা হৈছে। আনহাতে বৰাইৰ আলগা গাওঁ পঞ্চায়তৰ কাৰ্যালয়, শিশুমাৰা ইদগাহ ফিল্ড, বৰাইৰ আলগা এম ই মাদ্ৰাছাৰ বাউণ্ডাৰী ওৱাল, কোকৰাডাঙা পাৰঘাট জিৰণি চৰা নিৰ্মাণৰ নামতো পঞ্চায়ত সভাপতি ছয়ফৰ আলী ব্যপক দূৰ্নীতি কৰি বৰাইৰ আলগা গাওঁ পঞ্চায়তৰ কাম কানাইমাৰা আৰু ফুলেৰচৰ গাওঁ পঞ্চায়ততহে কৰা হৈছে বুলি এজাহাৰ খনত উল্লেখ কৰা হৈছে। এই সমগ্ৰ দূৰ্নীতিৰ লগত ফেকামাৰী খণ্ড উন্নয়ন বিষয়া, কনিষ্ট অভিযন্তা বিনয় দাস, পঞ্চায়ত সচিব ৰাহুল দেব ৰয় আৰু প্ৰধান শিক্ষক আবু ছায়েদ সেখ সহ মুঠ ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে পঞ্চায়ত সভাপতি জনে এই গোচৰৰ পাছতেই পলায়ন কৰা বুলি এজাহাৰকাৰী সেখ মহিবুদ্দিন হাবিবুল্ল্যা অভিযোগ কৰিছে। মন কৰিবলগীয়া বিষয় এয়া যে পঞ্চায়ত সভাপতি জনে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগা গাওঁ পঞ্চায়তখন এখন চৰৰ মাজত হোৱাৰ সুযোগ লৈ বিভিন্ন আচনিৰ নামত অহা লাখ লাখ টকা আত্মসাত কৰি গোৱালপাৰা জিলাত এখন বিশাল অট্টালিকা সাজিছে বুলি পঞ্চায়ত খনৰ একাংশ লোক অভিযোগ তুলি তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে

Post a Comment

0 Comments