আজি শঙ্খধ্বনি বাজি উঠিছে, বাজি উঠিছে মঙ্গলধ্বনিও, কাৰণ ধৰাৰ বুকুলৈ আগমন ঘটেছে মা জননীৰ...!

আজি শঙ্খধ্বনি বাজি উঠিছে, বাজি উঠিছে মঙ্গলধ্বনিও, কাৰণ ধৰাৰ বুকুলৈ আগমন ঘটেছে মা জননীৰ...!

বিগত দুটা বছৰত বিশ্ববাসীৰ জীৱনলৈ যি বিপর্যয় ঘটি গ'ল সেয়া বৰ্ণনাতীত। ৰোগ, ক'ৰোনা মহামাৰী, মৃত্যু বিৰহ বেদনাত কান্দোনত সমগ্ৰ পৃথিবীৰ আকাশ-বতাহ শোকাহত। যি আতঙ্ক আজি মানুহৰ নিত্য লগৰী হৈ পৰিছে তাৰ অবসান হওঁক। ঈশ্বৰে কৰক মানৱজীৱনৰ যাৱতীয় অশুভ বিদূৰিত হওঁক।

সকলো ধৰণৰ অন্ধকাৰক দূৰ কৰি পৃথিৱীখনক আলোকময় কৰি তোলক। দুৰাৰোগ্য ব্যাধি, অতিমাৰী, অকস্মাৎ দুৰ্ঘটনা, হিংসা, ঘৃণা, নিন্দা, বিভেদ-বিদ্বেষ, বৈষম্য জাতিগত ভেদাভেদ, ভয়-শংকা আদিৰ পৰা মুক্ত হওঁক চিৰসেউজীয়া এই ধৰিত্ৰী। আনন্দময়ীৰ আগমনত পুনৰাই নতুনকৈ প্ৰাণ পাই উঠক সুজলাময়ী পৃথিৱী।

প্ৰণিধানযোগ্য যে, মাজত মাত্ৰ কেইটামান দিন পাছতেই অসুৰনাশিনী, অসূয়া-অমঙ্গল তথা অশুভৰ বিনাশকাৰিনী দেৱী দুর্গা পুজাৰ আনন্দই মাতি উঠিব ৰাজ্য।

প্ৰসংগত উল্লেখ্য যে, বিগত বছৰ দুটাত মানুহৰ জীৱনত যি কাল অমানিশা নামি আহিছিল, এতিয়াওঁ তাৰ লেশ কমা নাই। যি কাল ক'ৰোনাৰ ভয়াবহতাৰ বাবে মানৱজীৱনৰ সকলো স্বাভাৱিকতা বিঘ্নিত হৈছে, নষ্ট হৈছে বহু সম্ভাৱনা, নিঃশেষ হৈ গৈছে অনেকৰ জীৱন, সেই অদৃশ্য কৰুণাহীন ক'ৰোনা মহামাৰীক সকলোৱেই মিলি বহুখিনি প্ৰতিহত কৰিবলৈ সক্ষম হৈছে যদিওঁ এতিয়ালৈকে সম্পুৰ্ণৰূপে নিঃশেষ কৰিব পৰা হোৱা নাই। এতিয়াওঁ পৃথিবীৰ আকাশে বতাহে শুনিবলৈ পোৱা যায় মানুহৰ হিয়াভগা কান্দোন।

যিকি নহওঁক দেৱী দুৰ্গাৰ আগমনৰ প্ৰাকমুহূৰ্তত ঈশ্বৰলৈ এটাই প্ৰাথৰ্না, তুমি মানৱ জীৱনৰ সকলো অশুভক দূৰ কৰি দিয়া, সকলো ধৰণৰ বিপদ-আপদ তথা ভয়-শংকাৰ পৰা পৰিত্ৰাণ দিয়া, মানুহৰ মন-মস্তিষ্কৰ পৰা জাতিভেদ নাইকিয়া কৰি প্ৰেম-ভালপোৱা তথা সমন্বয়, সম্প্ৰীতিৰ ভাৱ জগাই তোলা।তোমাৰ কল্যাণকৰ তথা মঙ্গলময় নৈপুণ্য হাতৰ পৰশত লোকভয়, ৰাজভয়, মৃত্যুভয়ৰ পৰা মুক্ত হওঁক এই পৃথিবী। দেৱী দুৰ্গাৰ এই শুভ আগমনত প্ৰাণ পাই উঠক মানৱতা, মূল্যবোধ। সুদৃঢ় হওঁক ভাতৃত্ববোধৰ এনাজৰী। এই আশাৰে, শুভ মহালয়া।

জুলহাছ আলী আহমেদ_

জাগীৰোড, মৰিগাঁও (অসম)_

Post a Comment

0 Comments