◾বৌদ্ধিক বিচাৰ......!
সম্প্ৰতি অন্যায়, অপৰাধে ছানি ধৰিছে সমগ্ৰ বিশ্ব। অন্যায়, অধৰ্ম, অত্যাচাৰ, অনাচাৰ, ব্যাভিচাৰ, অপহৰণ, ধৰ্ষণ, হত্যা, চুৰি-ডকাইতি, নাৰী নিৰ্যাতন, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, ঠগ-প্ৰৱঞ্চনা আদি অসামাজিক পাপ কাৰ্য যেন এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিনত হৈছে।
জুৱা, মদ-ভাং, ড্ৰাগছ আদি নিচাজাতীয় মাৰাত্মক দ্ৰব্য এতিয়া সমাজত ফ্যাচনত পৰিনত হৈ পৰিছে আৰু তাৰ অৰ্থাৎ প্ৰাণঘাটি মাদক দ্ৰব্যৰ বেহা-বেপাৰ কৰাটো যেন একাংশৰ বাবে লাভদায়ক পেচাত পৰিনত হৈছে। এয়া হৈছে কেৱল নৈতিকতা, আধ্যাত্মিকতা, মূল্যবোধ তথা গুনগত উচ্চ শিক্ষা, নথকাৰ বাবে। পশ্চিমা সংস্কৃতিৰ মোহত পৰি আমি আমৰ দেশীয় আৰু ধৰ্মীয় সভ্যতা, সংস্কৃতিক এলাগী কৰি থৈছোঁ।
ধৰ্মীয় আৰু সাধাৰণ শিক্ষাৰ প্ৰতি আমি উদাসীন। আনৰ সমালোচনাত পাকৈত আমিবোৰে আমাৰ বিশৃংখল সমাজখনৰ এই দুৰৱস্থা দেখিও হাত উজান দি বহি আছোঁ। জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি আমি জাতিটোক উদ্ধাৰৰ বাবে কোনো কাৰ্য্যকৰী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে সেয়া হ'ব জাতিটোৰ বাবে ক্ষমাৰ অযোগ্য অপৰাধ।
গতিকে সমাজৰ জ্ঞানী-গুণী, শিক্ষিত, মুৰব্বী, অভিভাবক তথা প্ৰগতিশীল চিন্তাধাৰাৰ ব্যক্তিয়ে জাতিটোৰ উত্তৰণৰ বাবে আগবাঢ়ি অহা উচিত। বিষেশকৈ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ ধৰ্মীয়, মূল্যবোধ, নৈতিকতা আৰু আধ্যাত্মিকতাৰ ৰসাল জ্ঞান বিলোৱাৰ ওপৰত মনোনিবেশ কৰিব লাগে।
শিক্ষিত জাতি ইহকাল আৰু পৰকাল উভয় সংসাৰতে মৰ্যাদাৰ অধিকাৰী হয় বা হ'ব। প্ৰসংগত উল্লেখ্য যে, ধর্মীয় তথা সাধাৰণ শিক্ষাকে আদি সৰ্বদিশত পিছ পৰা এটা বিশেষ জাতিৰ দুখ-দুৰ্দশা উপলব্ধি কৰিয়েই জাগীৰোড আঞ্চলিক দ্বীনি শিক্ষা বোর্ডৰ সম্পাদক তথা জাগীৰোড়' স্হিত পৰ্ব্বত নগৰ হাফিজীয়া মাদ্ৰাছাৰ সভাপতি নুৰ মুহাম্মদে এখনি আবেগবিহ্বল পুস্তিকা লিখি উলিয়াইছে। "বিপদ আমাৰ কৰ্মফল" শিৰোনাম দি লিখি উলিওৱা পুস্তিকাখনিত আছে বহু গুৰুত্বপূৰ্ণ কথা। সহজ-সৰল আৰু ঘৰুৱা ভাষাত লিখা কিতাপখন পঢ়িলে ধৰ্ম, সমাজ তথা শিক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ উমান পোৱা যায় বা যাব আৰু সাম্প্ৰতিক সময়ত আমাৰ কৰণীয় আৰু বৰ্জনীয় কি তাৰো বিষদ আভাষ পোৱা যাব।
জাগীৰোড়' স্হিত পৰ্ব্বত নগৰ মাহফুজুল ক্বোৰআন মাদ্ৰাছাৰ সভাপতি নুৰ মুহাম্মদে নিজে এজন অল্প-শিক্ষিত হৈয়ো জাতিটোৰ আমূল পৰিৱৰ্তনৰ মানসিকতাৰে ৰচনা কৰা ক্ষুদ্র পুস্তিকাখনিৰ গ্ৰহণযোগ্যতা অপৰিসীম। জাগীৰোড নখোলাগ্ৰান্ট বস্তিৰ বাসিন্দা নুৰ মুহাম্মদে ইতিপূৰ্বে আৰু দুখনকৈ কিতাপ লিখি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইদৰে সকলোৱে আগবাঢ়ি অহাটো সময়ৰ আহ্বান।—
জুলহাছ আলী আহমেদ
আলোচনী সম্পাদক
0 Comments