লক্ষীপুৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ যান্ত্ৰিক কাৰ্যলয় স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰ:
কৃষিখণ্ডত উন্নয়নৰ স্বাৰ্থত কাৰ্যালয়টো লক্ষীপুৰতে ৰখাৰ দাবী: ক্ষুদ্ধ কৃষক:
গোৱালপাৰা জিলাৰ লক্ষীপুৰস্থিত সহকাৰী কাৰ্যবাহী অভিযন্তাৰ যান্ত্ৰিক (জল) কাৰ্যলয় লক্ষীপুৰৰ পৰা অন্যস্থান লৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰত লক্ষীপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জনা মতে প্ৰায় ৩৫ বছৰ পূৰ্বে লক্ষীপুৰৰ বৃহত্তৰ কৃষি প্ৰধান অঞ্চলৰ খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্য লক্ষীপুৰ নগৰৰ ফলিমাৰীত সহকাৰী কাৰ্যবাহী অভিযন্তাৰ যান্ত্ৰিক (জল) ৰ কাৰ্যলয় স্থাপন কৰে। কাৰ্যালয়টোত বিষয়া অভিযন্তাকে ধৰি প্ৰায় ২৩ গৰাকী কৰ্মচাৰী আছিল।
কিন্তু চৰকাৰে কাৰ্যালয়টো লক্ষীপুৰৰ পৰা স্থানান্তৰ কৰাৰ উদ্দেশ্য সকলোবোৰ বিষয়া আৰু অভিযন্তাক বদলি কৰিলে । কাৰ্যালয়ত আছে মাথো পাচ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। সম্প্ৰতি কাৰ্যালয়ৰ চকীদাৰ জনক বদলি কৰাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল কাৰ্যালয়ত গৈ প্ৰত্যেক দিনাই কাৰ্যালয় তলা বন্ধ প্ৰত্যক্ষ কৰি ঘৰলৈ উভতি যাবলগীয়া হৈছে।
এই কাৰ্যালয়ৰ অন্তৰ্গত লক্ষীপুৰৰ বিভিন্ন অঞ্চল যেনদৰে জয়ভুম, জিঞ্জিৰাম, শিয়ালকান্দা, দামৰীভাষা, চিলকাপাৰা, নাৰাংগাবাৰী, বেলগুৰী আদি কৰি ৩৩ টা বৃহত পানী যোগান আঁচনি আছে । ইয়াৰে তিনিটা মান আঁচনি পথাৰত পানী যোগান ধৰাত সক্ষম হৈ আছে বাকী বোৰ বিকল হৈ আছে।
অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষক কৃষি কাৰ্য্যৰ লগত জড়িত, অত্যাধুনিক কৃষি কাৰ্য্যৰ বাবে সময় মতে পথাৰত পানী নাপালে কৃষক সকল আৰ্থিক ভাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হয়।
আঁচনি সমূহ জীয়াই ৰাখিবলৈ হলে অভিযন্তা আৰু যান্ত্ৰিক কাৰ্যালয়টো লক্ষীপুৰতে ৰাখিব লাগিব বুলি সচেতন মহলৰ মাজত সমালোচনা আৰাম্ভ হৈছে। বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিষয়া আৰু অভিযন্তাক পুনৰ নিযুক্তি দি লক্ষীপুৰতে সহকাৰী কাৰ্যবাহী অভিযন্তাৰ (যান্ত্ৰিক) কাৰ্যালয়টো ৰখাৰ বাবে ৰাইজে দাবী জনাইছে।
লক্ষীপুৰৰ পৰা মতিউৰ ৰহমান এবিপি অসম
0 Comments