নগৰবেৰাৰ সদাব্যস্ত জলমগ্ন পকী ৰাজপথত উজান উঠিছে মাছৰ।

নগৰবেৰাৰ সদাব্যস্ত জলমগ্ন পকী ৰাজপথত উজান উঠিছে মাছৰ।

নগৰবেৰাত বিধ্বস্ত ৰাজ পথে জলা -কলা খুৱাইছে ৰাইজক। নগৰবেৰাৰ সদাব্যস্ত জলমগ্ন পকী ৰাজপথত উজান উঠিছে মাছৰ। 

নৈ জলাশয়ত নহয় এই বাৰ মাছৰ উজান উঠিছে নগৰবেৰাত পকী ৰাজপথতস্থানীয় একাংশই মাছ বিচাৰি কৰিছে পানী ঘোলা। নগৰবেৰৰত আজিও সুগম-নিৰাপদ হৈ নুঠিল যাতায়ত ব্যৱস্থা। 

এই দৃশ্য বকো সমষ্টিৰ নগৰবেৰাৰ -

নগৰবেৰা নিউ মাৰ্কেটৰ পৰা স্থানীয় বিপিচি কলেজলৈ যোৱা পকী গড়কাপ্তানি পথচোৱা অতিকে বিধ্বস্ত ছৰটোৰ সৰহভাগ কাল এইদৰে থাকে কৃত্ৰিম বানপানীৰ তলত লমগ্ন হৈ থাকি খলপা-খলপে ভাঙিছে পথৰ পকী বোৰ। 

নিতৌ ছাত্ৰ-ছাত্ৰী, ৰোগীকে আদি কৰি যান-বাহন চলাচলতো হয় যঠেষ্ট অসুবিধা ,তাতে আকৌ মাছৰ কথা শুনি পথৰ মাজতে একাংশ  স্থানীয় দোকানী-ব্যৱসায়ীয়ে এইদৰে দুহাতেৰে খেপিয়াই বিচাৰিছে গৰৈ-চেঙেলি। 

কামৰূপৰ নগৰবেৰাৰ ,বিধ্বস্ত যাতায়তৰ বিপজ্জনক ছবি ,জলমগ্ন পকী ৰাজপথত মাহৰ পাছত মাহ এইদৰে ৰাইজে ভুগি আহিছে যাতায়ত বিড়ম্বনা। 

প্ৰশ্ন হয়, কিহৰ বাবে পথচোৱা অনবৰতে ডুবি থাকে পানীৰ তলত ?আগলৈ সুগম ,নিৰাপদ হ’বনে নগৰবেৰা অঞ্চলৰ  ৰাজপথ সমূহ ?


নগৰবেৰাৰ পৰা- স্বাহ স্বাহিন জামান আহমেদ। 

ABP Assam

Post a Comment

0 Comments